4 নৱেম্বৰ, নিউজ ডেস্কঃ দেশৰ অৰ্থনৈতিক মন্দাবস্থাৰ সংশয়ৰ মাজতো অভিলেখ গঢ়িলে ব'ম্বে শ্বেয়াৰ বজাৰৰ চেনচেক্সে ৷ সোমবাৰে পুৱাৰ ভাগত ব'ম্বে ষ্টক এক্সেঞ্জত বাণিজ্যিক লেনদেন আৰম্ভ হোৱাৰ পিছতে 269 পইন্টৰ উত্থান ঘটে ৷ এই উত্থানৰৰ লগে লগেই চেনছেক্স 40,438.83 পইণ্টত উপনীত হৈ সৰ্বাধিক পইণ্ট স্পৰ্শৰ নতুন অভিলেখ গঢ়ে ৷ আনহাতে 11.50 বজালৈ 40,291.07 পইণ্টত শ্বেয়াৰ বজাৰৰ ব্যৱসায় চলি আছে ৷
ধাৰাবাহিকভাবে বৃদ্ধি পাই অহা বৈদেশিক বিনিয়োগ আৰু বোম্বে ষ্টক এক্সেঞ্জৰ সকাৰাত্মক বৈশিষ্ট্যৰ বাবেই এই উত্থান দেখা গৈছে ৷ বিশেষকৈ বজাৰত আই চি আই চি আই বেংক, ৰিলায়েন্স উদ্যোগ, আই টি চি আৰু এইড্চ ডি এফ চি বেংকৰ শ্বেয়াৰত অধিক বিনিয়োগ কৰা দেখা গৈছ ৷
সমান্তৰালকৈ উত্থান পৰিলক্ষিত হৈছে নেছনেল ষ্টক একচেঞ্জ চমুকৈ নিফ্টিৰ সূচকাংকটো ৷ নিফ্টিৰ আজিৰ প্ৰাৰম্ভিক বজাৰত 44.4 অংক অৰ্থাৎ 0.37 শতাংশ উত্থান ঘটে আৰু 12000 পইণ্টৰ কাষ চাপি 11,395 পইণ্টত উপনীত হয় ৷
লগতে পঢ়কঃ বেংককত প্ৰধানমন্ত্ৰী, ভাৰতৰ ওপৰত আছিয়ানৰ দৃষ্টি নিবদ্ধ
চেনছেক্সৰ অন্তৰ্ভুক্ত কোম্পানী সমূহৰ ভিতৰত বেদান্ত, টাটা ষ্টিল, আই চি আই চি আই বেংক, টাটা মটৰ্ছ, এচ বি আই, এইড্চ চি এল টেক্, ছান ফাৰ্মা আৰু ভাৰতী এয়াৰটেলৰ 3.20 শতাংশ গতিত আগবাঢ়ি আছে ৷ কিন্তু য়ে'ছ বেংক, ইন্ফ'চিছ, হিৰ' ম'টকৰ্প, বাজাজ অট' আৰু হিন্দুস্থান ইউনিলিবাৰৰ শ্বেয়াৰ 4.80 শতাংশ নিম্নহাৰত চলি আছে ৷
আমেৰিকাত বৃদ্ধিপোৱা নিয়োগৰ ফলত সকলো বজাৰতে বিশ্বাস ঘূৰি আহিছে ৷ খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ ফলতো বজাৰত এক সকাৰাত্মক প্ৰভাৱ দেখিব পোৱা গৈছে ৷ খাৰুৱা তেলত 0.53 শতাংশ দৰ নিম্নগামী হৈ প্ৰতি বেৰেলত 61.36 দলাৰ মূল্য হৈছেগৈ ৷