নতুন দিল্লী,1 ফেব্ৰুৱাৰীঃ শনিবাৰে দিনৰ 11 বজাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত উত্থাপন কৰে কেন্দ্ৰীয় বাজেট ৷ উক্ত বাজেটৰ জৰিয়তে বিত্তমন্ত্ৰীগৰাকীয়ে কেইবাটাও দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷
ভাৰতৰ আন্তঃগাঠনি বৃদ্ধি আৰু কৰ্মসংস্থান সৃষ্টিৰ বাবে চৰকাৰে 103 লাখ কোটি টকাৰ ইনফ্ৰা প্ৰকল্প উন্মোচন কৰিছে আৰু অতি শীঘ্ৰেই ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মানৰ ক্ষেত্ৰত ক্ষীপ্ৰতা অনাৰ বাবে এক লজিষ্টিক নীতি জাৰি কৰিব ৷ সমান্তৰালকৈ প্ৰযুক্তি ক্ষেত্ৰতো ম’বাইল নিৰ্মান, অৰ্ধ চালক আৰু অন্যান্য বৈদ্যুতিক সৰঞ্জামৰ উৎপাদনৰ ক্ষেত্ৰত এক নতুন আঁচনি উত্থাপন কৰে ৷
আন্তঃগাঠনি ক্ষেত্ৰখনৰ বাবে এই বাজেটখনত কি বিশেষ-
1. বিমানৰ সমন্তৰালকৈ আভ্যন্তৰীণ নৌ-পথ আৰু জল বিকাশ পথৰ উন্নয়নৰ দিশটোত দৃষ্টি নিক্ষেপ কৰা হ’ব ৷
2. ষ্ট্ৰেটেজিক হাইৱে প্ৰকল্প তথা বন্দৰ সংযোগৰ বাবে 2,000 কিল’মিটাৰ থাকিব ৷
3. 2,500 কিল’মিটাৰ এক্সেস নিয়ন্ত্ৰিত ঘাইপথ তথা 9.000 কিল’মিটাৰৰ অৰ্থনৈতিক কৰিড’ৰেৰ ঘাইপথৰ তাৎক্ষণিক উন্নয়ন গ্ৰহণ ৷
4. প্ৰাকৃতিক গেছৰ পাইপলাইনৰ গ্ৰীড 16,000ৰ পৰা 27,000 কিল’মিটাৰলৈ বৃদ্ধি কৰা হ’ব ৷
5.2020-21ত যাতায়াত প্ৰযুক্তি ক্ষেত্ৰত ব্যয় কৰা হ’ব 1.7 লাখ ৷
6. 2023 চনৰ ভিতৰত দিল্লী-মুম্বাই এক্সপ্ৰেছ ৱেৰ নিৰ্মান সম্পূৰ্ণ কৰা হ’ব ৷
"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পাঁচ বছৰৰ আন্তঃগাঠনিত 100 লাখ কোটি টকা বিনিয়োগৰ ঘোষণা কৰিছিল ৷ 2018 বৰ্ষৰ 31 ডিচেম্বৰত 103 কোটি টকাৰ পাইপলাইন মুকলি কৰে ৷ এই নতুন প্ৰকল্পসমূহত আছে আৱাস,পৰিস্কাৰ পানী, পৰিস্কাৰ শক্তি, স্বস্থ্য, আধুনিক ৰেলপথ, বিমানবন্দৰ, মেট্ৰ’, বাছ, লজিষ্টিক"- বিত্তমন্ত্ৰী গৰাকীয়ে তেখেতৰ বাজেট ভাষণত এই কথাসমূহৰ আলোকপাত কৰে ৷
লগতে পঢ়ক-বাজেট 2020 : কি আছে স্বাস্থ্য খণ্ডত