নিউজ ডেস্ক, 4 আগষ্টঃ দেশৰ তিনিটাকৈ ৰাজহুৱা খণ্ডৰ বেংকলৈ 50লাখকৈ টকাৰ জৰিমনা বিহিছে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই ৷ বেংক অৱ বৰোডা, ষ্টেট বেংক অৱ ইণ্ডিয়া আৰু পাঞ্জাৱ নেশ্বনেল বেংকলৈ ক্ৰমে 50লাখকৈ টকাৰ জৰিমনা বিহিছে ৰিজাৰ্ভ বেংকে ৷ বেংকিং ৰেগুলেশ্বন এক্ট, 1949ৰ অধীনত বেংককেইটালৈ এইদৰে 50লাখকৈ টকাৰ জৰিমনা বিহিছে ৰিজাৰ্ভ বেংকে ৷
পাঞ্জাৱ নেশ্বনেল বেংকে প্ৰকাশ কৰা তথ্য অনুসৰি, কিংফিছাৰ এয়াৰলাইনছৰ ভুৱা একাউন্ট জালিয়াতিৰ বাবেই ৰিজাৰ্ভ বেংকে এইদৰে জৰিমনা বিহিছে বেংকটোক ৷ একেদৰেই ষ্টেট বেংক অৱ ইণ্ডিয়াই প্ৰকাশ কৰা তথ্য অনুসৰি, ভুৱা একাউন্টেৰে সংঘটিত হোৱা জালিয়াতিৰ তথ্য প্ৰদানত ব্যৰ্থ হোৱাৰ বাবেই জৰিমনাৰ সন্মুখীন হৈছে বেংকটো ৷ আনহাতে ভুৱা বেংক একাউন্টৰ তথ্য প্ৰদানত বিলম্ব কৰাৰ বাবেই জৰিমনাৰ সন্মুখীন হৈছে বেংক অৱ বৰোডা ৷
অধিক পঢ়কঃ কৰ সন্ত্ৰাস : ভাৰতীয় অৰ্থনীতিৰ বিকাশত ব্যাপক প্ৰভাৱ