ETV Bharat / business

ৰেষ্টুৰেন্টত মেন্যু স্পৰ্শ নকৰাকৈয়ে অৰ্ডাৰৰ ব্যৱস্থা Paytm ৰ - পেটিএমৰ উপ-সভাপতি নিখিল ছাইগল

ৰেষ্টুৰেন্টত মেন্যু কাৰ্ড স্পৰ্শ নকৰাকৈয়ে গ্ৰাহকে খাদ্য অৰ্ডাৰ কৰিব পাৰিব ৷ Paytm য়ে সাজু কৰি উলিয়াইছে contactless in-store ordering সেৱা ৷

contactless in-store ordering সেৱা
ৰেষ্টুৰেন্টত মেন্যু স্পৰ্শ নকৰাকৈয়ে অৰ্ডাৰৰ ব্যৱস্থা Paytm ৰ
author img

By

Published : Apr 27, 2020, 10:19 PM IST

বিজনেছ ডেস্ক, 27 এপ্ৰিল : সোমবাৰে Paytm য়ে জানিবলৈ দিয়ে যে, দোকান অথবা ৰেষ্টুৰেন্টত খাদ্য অৰ্ডাৰ কৰিবৰ বাবে স্পৰ্শ বিহীন এক সেৱা (contactless in-store ordering) আৰম্ভ কৰিছে ৷ ইয়াৰ জৰিয়তে লকডাউনৰ অন্তত ৰেষ্টুৰেন্ট সমূহত গ্ৰাহকে মেন্যু, বিল আৰু টকা স্পৰ্শ নকৰাকৈয়ে অৰ্ডাৰ প্ৰদান কৰাৰ লগতে টকা পৰিশোধ কৰিব পাৰিব ৷

ইয়াৰ জৰিয়তে প্ৰায় এক লাখ ৰেষ্টুৰেন্টৰ সমস্যা সমাধান হ'ব বুলি আশা কৰিছে পেটিএমে ৷ প্ৰথম অৱস্থাত দেশৰ শীৰ্ষ 30 খন চহৰত এই সেৱা প্ৰদান কৰা হ'ব আৰু পৰৱৰ্তী পৰ্যায়ত অন্য় চহৰসমূহতো এই সেৱা উপলব্ধ হ'ব বুলি জানিবলৈ দিয়া হৈছে ৷

এক প্ৰতিবেদনত পেটিএমে কয় যে, তেওঁলোকে এক QR code সাজু কৰি উলিয়াইছে আৰু ৰেষ্টুৰেন্টসমূহত এই কোড ৰখা হ'ব ৷ ব্যৱহাৰকাৰীয়ে পেটিএম এপৰ জৰিয়তে মেন্যুৰ পৰা অৰ্ডাৰ প্ৰদান কৰিব পাৰিব ৷ ইয়াৰ জৰিয়তে অপৰিস্কাৰ মেন্যু গ্ৰাহকসকলে স্পৰ্শ কৰাৰ প্ৰয়োজন নহ'ব বুলি জানিবলৈ দিয়া হয় ৷

অনলাইন খাদ্য ডেলিভাৰী প্লেটফৰ্ম জমেটোয়ে নিজৰ এপৰ জৰিয়তে নতুন সুবিধা গ্ৰাহকৰ বাবে প্ৰদান কৰাৰ চিন্তা-চৰ্চা কৰি থকা বুলি জানিবলৈ দিয়ে ৷ ইয়াৰ জৰিয়তে ৰেষ্টুৰেন্টত উপস্থিত হৈ গ্ৰাহকে অনলাইন মেন্যুৰ পৰা অৰ্ডাৰ প্ৰদান কৰাৰ লগতে টকা পৰিশোধ কৰিব পাৰিব ৷

পেটিএমৰ উপ-সভাপতি নিখিল ছাইগলে কয়, আমি জানো যে, লকডাউনৰ পাচত আমাৰ দেশত গ্ৰাহকে খাদ্য়ৰ বাবে সুৰক্ষা আৰু পৰিস্কাৰ-পৰিচ্ছন্নতা দাবী কৰিব ৷ সেয়েহে ৰেষ্টুৰেন্টসমূহক সহায় কৰিবৰ বাবে আমি এই প্ৰযুক্তিবিদ্যা আৰম্ভ কৰিছো আৰু ইয়াৰ ফলত গ্ৰাহকে সামাজিক দূৰত্ব বৰ্তাই ৰাখিবও পাৰিব ৷ এই সেৱাৰ ফলত মেন্যু স্পৰ্শ নকৰাকৈয়ে সুৰক্ষিতভাৱে খাদ্য অৰ্ডাৰ কৰিব পাৰিব ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.