ETV Bharat / business

প্ৰতিটো লেনদেনত Paytmৰ কেছবেক ঘোষণা - ডিজিটেল ইণ্ডিয়াৰ ছয় বৰ্ষপূৰ্তি

ডিজিটেল ইণ্ডিয়াৰ ছয় বৰ্ষপূৰ্তি উপলক্ষে ডিজিটেল পেমেন্ট ফাৰ্ম Paytmৰ বিশেষ অফাৰ ৷ প্ৰতিটো লেনদেনত কেছবেক ঘোষণা Paytmৰ ৷ এই বিশেষ কাৰ্যসূচীৰ বাবে 50 কোটি ধাৰ্য কৰিছে কোম্পানীটোৱে ৷

paytm announces cashback on every transaction check details
প্ৰতিটো লেনদেনত Paytmৰ কেছবেক ঘোষণা
author img

By

Published : Jul 2, 2021, 2:01 PM IST

নিউজ ডেস্ক, 2 জুলাই: ডিজিটেল ইণ্ডিয়াৰ ছয় বৰ্ষপূৰ্তি উদযাপন কৰাৰ উদ্দেশ্যে ডিজিটেল পেমেন্ট ফাৰ্ম Paytmএ গ্ৰাহক আৰু ব্যৱসায়ীসকলৰ বাবে এক কেছবেক কাৰ্যসূচী ঘোষণা কৰি 50 কোটি টকা ধাৰ্য কৰিছে ৷ এই অফাৰৰ অধীনত Paytmএ এপটোৰ জড়িয়তে কৰা প্ৰতিটো লেনদেনৰ বাবদ ভাৰতৰ ব্যৱসায়ী আৰু গ্ৰাহকসকলৰ বাবে কেছবেক ঘোষণা কৰিছে ৷

জানিব পৰা মতে, কৰ্ণাটক, কেৰালা, তামিলনাডু, অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাত বিশেষ অভিযানৰ লগতে সমগ্ৰ দেশৰ 200 খন জিলাত এই কাৰ্যসূচী আৰম্ভ কৰা হ'ব ৷ ডিজিটেল পেমেন্ট ফাৰ্মখনে কয় যে, Paytm ৰ এক অংশ হৈ ডিজিটেল পৰিশোধ পদ্ধতি গ্ৰহণ কৰি সমগ্ৰ দেশৰ ব্যৱসায়ীসকলে এইক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ৷

Paytmৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া বিজয় শেখৰ শৰ্মাই কয় যে, "ডিজিটেল ইণ্ডিয়াক সফল কৰি তোলা ভাৰতৰ বিকাশৰ কেন্দ্ৰবিন্দু শীৰ্ষ ব্যৱসায়ীসকলক স্বীকৃতি দিয়াৰ বাবে Paytmৰ গেৰাণ্টিযুক্ত কেছবেক অফাৰৰ এই অভিযান আৰম্ভ কৰা হৈছে ৷ উল্লেখ্য যে, যোগ্য ব্যৱসায়ীসকলৰ বাবে Paytm for business appৰ জড়িয়তে 50 শতাংশ ৰেহাই মূল্যত লেনদেনৰ স্থিতিৰ বিষয়ে অৱগত কৰা এটা অডিঅ' ডিভাইচো কোম্পানীটোৱে অফাৰ কৰিছে ৷

ডিজিটেল ইণ্ডিয়া মিছনৰ সভাপতি তথা মুখ্য কাৰ্যবাহী বিষয়া অভিষেক সিঙে কয় যে, "Paytmৰ গেৰাণ্টিযুক্ত কেছবেক অফাৰে ভাৰতৰ লাখ লাখ ব্যৱসায়ীক ডিজিটেল পৰিশোধৰ ওপৰত বিশ্বাস ৰাখিবলৈ আৰু উদ্ভাৱনৰ পথত আহিবলৈ আৰু নগদবিহীন অৰ্থনীতিত অৰিহণা যোগাবলৈ উৎসাহিত কৰিব ।" এক বিবৃতিযোগে কোম্পানীটোৱে কয় যে, "এই বছৰৰ অভিযানৰ বাবে কোম্পানীটোৱে 50 কোটি টকাৰ প্ৰতিশ্ৰুতি দিছে, যিয়ে দৈনন্দিন জীৱনত Paytm ব্যৱহাৰ কৰা 2 কোটিতকৈও অধিক ব্যৱসায়ীক দৈনন্দিন জীৱনত আগুৱাই লৈ যাব ৷"

কোম্পানীটোৱে জানিবলৈ দিয়া মতে, দিৱালীৰ পূৰ্বে Paytmৰ জড়িয়তে সৰ্বাধিক সংখ্যক লেনদেন কৰা ব্যৱসায়ীসকলক শীৰ্ষ ব্যৱসায়ী হোৱাৰ বাবে প্ৰমাণপত্ৰৰে পুৰস্কৃত কৰাৰ লগতে বিনামূলীয়া চাউণ্ডবক্স, আইঅটি ডিভাইচ আৰু অন্যান্য বহু উপহাৰ লাভ কৰিব ৷ আকৌ দোকানত যিকোনো মূল্য পৰিশোধ কৰিবলৈ Paytm QR ক'ড স্কেন কৰা গ্ৰাহকসকলে প্ৰতিটো লেনদেনৰ ওপৰত কেছবেক লাভ কৰিব ৷ এই অভিযানে দেশৰ বৰ্ধিত অৰ্থনীতিত অৰিহণা যোগাব বুলিও কোম্পানীটোৱে বিবৃতিটোত উল্লেখ কৰিছে ৷

লগতে পঢ়ক: 10 ছেপ্তেম্বৰত বজাৰলৈ আহিব ৰিলায়েন্স-গুগলৰ 4জি হেণ্ডছেট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.