ETV Bharat / business

লক ডাউনৰ সময়ত অনলাইন মিডিয়া উপভোগৰ হাৰ বৃদ্ধি

লক ডাউনৰ পূৰ্বে গড় হিচাপে অনলাইন মিডিয়া উপভোগৰ সময় আছিল 90 মিনিট । কিন্তু লক ডাউনৰ সময়চোৱাত এই সময়ৰ হাৰ 4 ঘণ্টালৈ বৃদ্ধি পালে । আনহাতে টেলিকম কোম্পানী সমূহেও জনোৱা অনুসৰি 30 শতাংশ অতিৰিক্ত দাতা ব্যৱহাৰ হৈছে লক ডাউনৰ সময়চোৱাত ।

লক ডাউনৰ সময়ত অনলাইন মিডিয়া উপভোগৰ হাৰ বৃদ্ধি
লক ডাউনৰ সময়ত অনলাইন মিডিয়া উপভোগৰ হাৰ বৃদ্ধি
author img

By

Published : Apr 21, 2020, 5:18 PM IST

মুম্বাই, 21 এপ্ৰিলঃ মাধ্যম উপভোগৰ এক অধ্যয়নত পোৱা গৈছে যে,প্ৰতি দিনে বৃদ্ধি পাইছে অনলাইন মাধ্যম উপভোগৰ সময় । কৰ'ণা ভাইৰাছ সংক্ৰমণৰ ফলত জাৰি কৰা লক ডাউনৰ পূৰ্বে অনলাইন মাধ্যম উপভোগৰ গড় সময় আছিল 1.5 ঘণ্টা । কিন্তু 25 মাৰ্চত ঘোষণা কৰা লক ডাউনৰ পাচৰ পৰা এই সময় 4 ঘণ্টালৈ বৃদ্ধি পাইছে । ইপিনে টেলিকম কম্পানী সমূহেও জনাইছে যে, সমগ্ৰ দেশতে লক ডাউন জাৰি হৈ থকা সময়ত পূৰ্বৰ তুলনাত 30 শতাংশ অতিৰিক্ত দাতা খৰচ কৰা হৈছে ব্যৱহাৰকাৰী সকলে ।

এই ডাটা সমূহৰ অধিক YouTube ত ব্যৱহাৰ হৈছে । প্ৰায় 300 বিলিয়ন লোকে YouTube ব্যৱহাৰ কৰছিল 2020 ৰ প্ৰথম ত্ৰিমাশিকত । এই সংখ্যা 2019 চনৰ চতুৰ্থ ত্ৰিমাশিকতকৈ 11 শতাংশ অধিক । 18 ৰ পৰা 34 বছৰৰ লোকে অধিক ব্যৱহাৰ কৰিছে YouTube । আৰু অধিক ভাৱে শিক্ষাৰ ক্ষেত্ৰত ব্যৱহাৰ হৈছে লক ডাউনৰ সময়চোৱাত ।

লক ডাউনৰ সময়ত অনলাইনত গান আৰু ছুটী ছবি চোৱা লোকৰ সংখ্যা 9 শতাংশ নিম্নগামী হৈছে । ইফালে গেমিং,ফুড ৰেছিপি ইত্যাদিৰো দৰ্শক বাঢ়িছে বুলি জানিব পৰা গৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.