ETV Bharat / business

কোভিড-19 সংকটে অসুবিধাত পেলাব ভাৰতীয় বেংকক! - ভাৰতীয় বেংকত কোভিড-19 সংকট

"ভাৰতীয় উপভোক্তা বজাৰত কোভিড-19 ৰ প্ৰভাৱ" শিৰোনামাৰে কৰা এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে, অস্থায়ীভাৱে যোগানৰ চেইনডাল ক্ষতিগ্ৰস্থ হৈছে । লগতে বেংক আৰু অৰ্থনৈতিক ক্ষেত্ৰ খনৰো সমস্যা বঢ়াৰ সম্ভাৱনা আছে ।

Covid-19 crisis may increase stress on Indian banks: Report
কোভিড-19 সংকটে অসুবিধাত পেলাব ভাৰতীয় বেংকক!
author img

By

Published : Apr 2, 2020, 9:51 AM IST

নতুন দিল্লী, 2 এপ্ৰিলঃ বুধবাৰে প্ৰকাশিত ডেলইটৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, কৰ'ণা ভাইৰাচৰ সংকটে ভাৰতীয় বেংকিং খণ্ডত ব্যাপক সমস্যাৰ সৃষ্টি কৰিব । লগতে উদ্যোগ আৰু উচ্চ হাৰৰ ঋণৰ ক্ষেত্ৰটো জটিলতাই দেখা দিব ।

"ভাৰতীয় উপভোক্তা বজাৰত কোভিড-19 ৰ প্ৰভাৱ" শীৰ্ষক প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি দেশৰ অৰ্থব্যৱস্থাত পৰা প্ৰভাৱৰ বাবে অস্থায়ীভাবে যোগান শৃংখলডালত ব্যৱধান আহি পৰিব । গোলকীয় আৰু ঘৰুৱা চাহিদাও ক্ষতিগ্ৰস্থ হ'ব আৰু বিত্তীয় ক্ষেত্ৰ খনৰ সমস্যা বাঢ়িব অৰু তেলৰ মূল্যও হ্ৰাস পাব ।

ইয়াত কয় যে, বেংকিং ক্ষেত্ৰত সৰ্বাধিক জটিলতা আহিব । কিয়নো উদ্যোগ সমূহৰ উৎপাদন বন্ধ থকাৰ লগতে ঋণ সমূহো কিছু দিনলৈ অনাদায় হৈ থাকিব । লগতে নিবনুৱাৰ উচ্চ হাৰৰ প্ৰভাব পৰিব বেংকিং খণ্ডত ।

পুঁজি আৰু বিত্তীয় বজাৰত ডেলইট্ প্ৰতিবেদনে কয় যে.পশ্চিমীয়া দেশত মহামাৰী আৰম্ভ হোৱাৰ পিচতেই ভাৰতীয় শ্বেয়াৰ বজাৰ 30 শতাংশ হ্ৰাস হৈছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.