নিউজ ডেস্ক, 7 অক্টোবৰঃ অৱশেষত ক'লা ধনৰ ওপৰত ভাৰতে লাভ কৰিলে বিশেষ সফলতা ৷ AEOI (Automatic Exchange of Information)ৰ পটভূমিত ছুইজাৰলেণ্ড চৰকাৰে ভাৰত চৰকাৰক প্ৰদান কৰি ছুইচ বেংকত থকা ভাৰতীয় ক'লা ধনৰ তথ্য ৷
অধিক পঢ়কঃ ফ্ৰান্সৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰয়াস কৰিম : ৰাজনাথ সিং
AEOI হৈছে দুয়োখন দেশৰ মাজত থকা বিত্তীয় একাউন্টৰ তথ্য আদান প্ৰদান কৰা একমাত্ৰ ফ্ৰেমৱৰ্ক ৷ ইয়াৰ অধীনত 2018 চনত এইসমূহ বিত্তীয় আদান প্ৰদান বন্ধ কৰি দিয়া হৈছিল আৰু পৰৱৰ্তী আদান প্ৰদান 2020 চনৰ ছেপ্টেম্বৰ মাহত সম্পন্ন হ'ব ৷ 2017 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখে প্ৰতিষ্ঠা হৈছিল Automatic Exchange of Information অৰ্থাৎ AEOI ৷
অধিক পঢ়কঃ মুম্বাইত মৃত ভিক্ষাৰীৰ বাসগৃহৰ পৰা উদ্ধাৰ লক্ষাধিক টকা
ছুইজাৰলেণ্ডৰ ফেডাৰেল টেক্স এডমিনিষ্ট্ৰেশ্বন (Federal Tax Administration)এ প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰত হৈছে বিশ্বৰ 75খন দেশৰ অন্যতম যাৰ সৈতে দেশখনে বিত্তীয় একাউন্টৰ তথ্য আদান প্ৰদান কৰিছে ৷ ফেডাৰেল টেক্স এডমিনিষ্ট্ৰেশ্বনে দেশখনত থকা ক'লা ধনৰ সামূহিক তথ্য প্ৰদানৰ পৰা বিৰত থাকে যদিও সৰ্বমুঠ 3.1 মিলিয়ন বিত্তীয় একাউন্টৰ ভিতৰত 2.4 মিলিয়ন বিত্তীয় একাউন্টৰ তথ্য ইতিমধ্যে প্ৰেৰণ কৰিছে দেশখনে ৷ ইয়াৰ পূৰ্বে ছুইজাৰলেণ্ডত 65খন দেশৰ ক'লাধন মজুত আছিল যদিও চলিত বৰ্ষত এই সংখ্যা 75লৈ বৃদ্ধি পায় ৷
অধিক পঢ়কঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজয় লাম্বা
ভাৰতৰ সৈতে আদান-প্ৰদান কৰা তথ্যসমূহৰ ভিতৰত বহুকেইটা বিত্তীয় বিষয় সন্নিৱিষ্ট হৈ আছে ৷ ইয়াৰ ভিতৰত নাম, ঠিকনা, বাসস্থান, আয়কৰ চিনাক্তকৰণ সংখ্যা, বিত্তীয় প্ৰতিষ্ঠান, জমাৰাশি আৰু মুলধন আয় আছে ৷ সেই অনুসৰি ভাৰত আৰু ছুইজাৰলেণ্ডৰ মাজত সংঘটিত চুক্তিমতে, কেলেণ্ডাৰ বৰ্ষৰ নমাহৰ ভিতৰত আদান-প্ৰদানসমূহ অৰ্থাৎ ছেপ্টেম্বৰ মাহত সম্পন্ন হ'ব ৷ সৰ্বমুঠ 90 খন দেশৰ বাবে এইসমূহ তথ্যৰ আদান প্ৰদান সম্পন্ন হ'ব ৷