নিউজ ডেস্ক, 2 এপ্ৰিলঃ দ্ৰুত গতিত ভাৰতত বৃদ্ধি পাবলৈ লৈছে কোভিড-19 মহামাৰীত আক্ৰান্ত ৰোগীৰ সংখ্যা । সেয়েহে কৰ'ণা ভাইৰাচৰ বাহক যাতে প্ৰচলিত হৈ থকা নোট সমূহ হ'ব নোৱাৰে তাৰ বাবে বেংক সমূহে গুৰুত্ব প্ৰদান কৰিছে । সেয়ে কোনো লোকে নোট জমা কৰাৰ পাচত বেংকে তাক সুকীয়াকৈ ৰাখিব আৰু 48 ঘণ্টাৰ পাচতহে সেই নোট সমূহৰ পুনৰ প্ৰচলন কৰিব ।
কেৰেলাত দিয়া জাননী অনুসৰি এচ এল বি চি বেংকৰ সমূহ সদস্য বেংকে কাগজৰ নোট সমূহ কোনোৱে জমা থোৱাৰ পিচতে প্ৰচলন কৰিব নোৱাৰিব । কোনো লোকে নোট জমা ৰাখিলে সেই সমূহ আচুতীয়াকৈ পেকেটত ভৰাই থব লাগিব । 48 ঘণ্টাৰ পাচতহে এই সমূহ পুণৰ প্ৰচলন কৰিব । কানাড়া বেংকে এচ এল বি চি বেংকলৈ প্ৰেৰণ কৰিচে এই জাননী ।
লগতে বেংকত কৰ্মৰত কৰ্মচাৰী সকলকো সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱা হৈছে । মাস্ক, গ্লভচ, চেনিটাইজাৰ ইত্যাদি ব্যক্তিগত সুৰক্ষাৰ সামগ্ৰী সমূহ লগত ৰাখিবলৈ কোৱা হৈছে ।
ইয়াৰ পূৰ্বে, ভাৰতীয় বেংক এচ'ছিয়েচনে সমূহ ৰাইজলৈ গোহাৰি দি নোট স্পৰ্শ কৰাৰ পাচতেই হাত ধুবলৈ পৰামৰ্শ দিছিল যাতে, সেই নোটত কৰ'ণা ভাইৰাচ লাগি থাকিলেও দেহৰ সংস্পৰ্শলৈ আহিব নোৱাৰে ।
এচ এ আই টি-এ কয় যে, নোট সমূহক ভাইৰাচ লাগি অহাৰ অত্যাধিক সুযোগ থাকিব পাৰে । কিয়নো নোট সমূহ সঘনে মানুহৰ হাত সলনি হয় ।