ETV Bharat / business

৫ দশকৰ ভিতৰত বিত্তীয় বৰ্ষ 2020-ত সৰ্বনিম্ন বেংক ক্ৰেডিট বিকাশ

2020 বিত্তীয় বৰ্ষত বেংক ক্ৰেডিট বিকাশৰ হাৰ হ'ল 6.14 শতাংশ, যিটো বিগত ৫ টা দশকৰ ভিতৰতেই সৰ্বনিম্ন বুলি ঘোষণা কৰা হৈছে । ইয়াৰ পূৰ্বে 1962 চনত এই হাৰ কমি গৈ 5.38 শতাংশ হৈছিল ।

author img

By

Published : Apr 11, 2020, 10:05 AM IST

৫ দশকৰ ভিতৰতেই বিত্তীয় বৰ্ষ 2020-ত সৰ্বনিম্ন বেংক ক্ৰেডিট বিকাশ

মুম্বাই, 11 এপ্ৰিলঃ 2020 বিত্তীয় বৰ্ষত বেংক ক্ৰেডিট বিকাশৰ হাৰ হ্ৰাস হৈ 6.14 শতাংশ হয় । 31 মাৰ্চত সামৰণি পৰা বিত্তীয়বৰ্ষ 2020 ৰ বাবে আছিল এই হাৰ । বিগত পাচটা দশকৰ পিচত এইয়া আছিল সৰ্বনিম্ন হাৰ । অস্থিৰ হৈ পৰা দেশৰ অৰ্থনীতি, বেংক সমূহৰ মাজত চাহিদা কমি যোৱা আৰু 'ৰিস্ক' লব নিবিচৰা বিপৰ্যয়ৰ বাবে বেংক ক্ৰেডিট বিকাশ হ্ৰাস পাই । ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰিছে এই তথ্য ।

1962 চনত ঋণৰ পৰিমান বৃদ্ধিৰ ফলত বেংক ক্ৰেডিট বিকাশৰ হাৰ 5.38 শতাংশ হৈছিল । বৰ্তমান এই বিপৰ্যয়ত অন্য কাৰকৰ লগতে মুখ্যত কৰ'ণা ভাইৰাচৰ প্ৰভাৱ বিদ্যমান ৷

ৰিজাৰ্ভ বেংকৰ তথ্যমতে সপ্তাহৰ সামৰণিৰ ফালে 27 মাৰ্চ, 2020 তাৰিখে বেংকৰ অগ্ৰিম ৰাশি 103.71 লাখ কোটিৰ বিপৰীতে 29 মাৰ্চ 2019 ত 97.71 লাখ কোটি আছিল ।

বিগত 7 বছৰৰ ভিতৰত দেশৰ অৰ্থনৈতিক বিকাশ 4.7 শতাংশ আছিল । চলিত বিত্তীয় বৰ্ষৰ 2019 চনৰ অক্টোবৰ-ডিচেম্বৰৰ দ্বিতীয় ত্ৰিমাশিকত 5.1 শতাংশ হোৱাৰ বিপৰীতে প্ৰথম ত্ৰিমাশিকত 5.6 আছিল ।

2020 বিত্তীয় বৰ্ষত বেংক জমাধনৰ পৰিমান 7.23 শতাংশলৈ বৃদ্ধি হয় । 125.73 লাখ কোটিৰ বিপৰীতে 135.7 লাখ কোটি হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.