ETV Bharat / business

খৰটকীয়া সেৱাৰ বাবে ভাৰতীয় ৰেলৱে'ৰ সৈতে পাৰ্টনাৰশ্বিপ এমাজন ইণ্ডিয়াৰ - খৰতকীয়া সেৱা

ভাৰতীয় ৰেলৱে'ৰ সৈতে এমাজন ইণ্ডিয়াৰ পাৰ্টনাৰশ্বিপ ৷ 55 টা মাৰ্গেৰে সেৱা আগবঢ়াব এমাজন ইণ্ডিয়াই ৷

55 টা মাৰ্গেৰে সেৱা আগবঢ়াব এমাজন ইণ্ডিয়াই
ভাৰতীয় ৰেলৱে'ৰ সৈতে এমাজন ইণ্ডিয়াৰ পাৰ্টনাৰশ্বিপ
author img

By

Published : Apr 27, 2020, 7:27 PM IST

বিজনেছ ডেস্ক, 27 এপ্ৰিল : ই-কমাৰ্ছ সেৱা এমাজন ইণ্ডিয়াই সোমবাৰে ভাৰতীয় ৰেলৱে'ৰ সৈতে পাৰ্টনাৰশ্বিপ গঢ়াৰ কথা জানিবলৈ দিয়ে ৷ এমাজন ইণ্ডিয়াৰ বিবৃতি অনুসৰি, ৰাষ্ট্ৰজোৰা লক ডাউনৰ সময়ছোৱাত ৰেলৱে'ৰ সহায়ত এমাজনে 55 টা মাৰ্গেৰে গ্ৰাহকলৈ খৰটকীয়া সেৱা আগবঢ়াব ৷ যোৱা বছৰ 13 টা মাৰ্গেৰে চহৰসমূহৰ ভিতৰত পৰিবহনৰ জৰিয়তে ই-কমাৰ্ছ পেকেজ সেৱা প্ৰদানৰ বাবে ৰেলৱে'ৰ সৈতে পাৰ্টনাৰশ্বিপ গঢ়িছিল এমাজন ইণ্ডিয়াই ৷

এমাজন ইণ্ডিয়াৰ বিবৃতি অনুসৰি,ভাৰতীয় ৰেলৱে'ই ঘোষণা কৰা 'COVID-19 Parcel Special Trains'ৰ জৰিয়তে লক ডাউনৰ সময়ছোৱাত 55 টা মাৰ্গেৰে অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা হ'ব ৷

উল্লেখ্য যে,ভাৰতীয় ৰেলৱে'ই ৰেলৱে' বৰ্ড আৰু বিভিন্ন ৰেলৱে' সংমণ্ডলৰ সহযোগত দেশৰ বিভিন্ন অঞ্চলত অত্যাৱশ্যকীয় সেৱা প্ৰদান কৰি আহিছে ৷ এমাজন ইণ্ডিয়াৰ সঞ্চালক (এমাজন পৰিবহন সেৱা) অভিনৱ সিঙে কয় যে, COVID-19 Parcel Special trainৰ জৰিয়তে দেশৰ বিভিন্ন অঞ্চলত অত্যাৱশ্যকীয় সামগ্ৰীসমূহ যোগান ধৰিব পৰা যাব ৷ ৰেলৱে'ৰ সৈতে পাৰ্টনাৰশ্বিপ গঢ়াৰ ফলত সামগ্ৰীসমূহ খৰটকীয়াকৈ যোগান ধৰিব পৰা যাব বুলি মন্তব্য কৰে সিঙে ৷

"ভাৰতীয় ৰেলৱে'ই সংকটৰ সময়ত গ্ৰহণ কৰা এই সিদ্ধান্তৰ বাবে আমি তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছো"- সিঙে কয় ৷

উল্লেখ্য যে, লক ডাউনৰ সময়ছোৱাত ই-কমাৰ্ছ কোম্পানীসমূহক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আৰু চিকিৎসা সামগ্ৰী যোগান ধৰিবৰ বাবে অনুমতি প্ৰদান কৰা হৈছে ৷

লগতে চাওকঃ বৰমাৰ বিভিন্ন ঠাইত স্বাস্থ্য বিভাগৰ চেনিটাইজেশ্যন

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.