আজমীৰ, ৪ চেপ্তেম্বৰঃ আজমীৰত সংঘটিত হৈছে এটা দুখজনক ঘটনা । এগৰাকী বিবাহিত মহিলাক স্বামী গৃহত শহুৰ আৰু শাহুৱেকে এটা কোঠাত তলা বন্ধ কৰি আবদ্ধ কৰি ৰাখে । এই কথা প্ৰকাশ কৰিছে মহিলাগৰাকীৰ উদ্ধাৰ কৰিবলৈ যোৱা আজমীৰ আৰক্ষীয়ে । জানিব পৰা অনুসৰি মহিলাগৰাকীৰ লগতে তেখেতৰ দুইবছৰীয়া কন্যাকো তলাবন্ধ কৰি কোঠাত আবদ্ধ কৰি থৈছিল ।
মহিলাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰাৰ সময়ত জনায় যে, তেখেতৰ স্বামী দুগৰাকী বিয়া কৰোৱা আৰু মহিলাগৰাকীক বিয়া কৰোৱাৰ পূৰ্বে আন এগৰাকী মহিলাৰো পাণি গ্ৰহণ কৰিছিল । আনহাতে মহিলা গৰাকীয়ে সংবাদন মাধ্যমৰ আগত স্বামীৰ পৰিয়ালে বিগত ৩ বছৰ ধৰি যৌতুক দাবী কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰে ।
লগতে চাওকঃ পাৰিবাৰিক কন্দলৰ কৰুণ পৰণতি, প্ৰাণ হেৰুৱালে মাতৃ-পুত্ৰই