নতুন দিল্লী, ১৫ জুন: ভাৰতত ৪০০ মিলিয়নৰো অধিক ব্যৱহাকাৰীৰৰ বাবে হোৱাটচ এপ পে কাৰ্ডত উপলব্ধ ।ভাৰতৰ অর্থ প্রদান তথা ই-কৰ্মাচৰ মোবাইল ভিত্তিক উপাৰ্জন মূলধাৰাত পৰিণত হোৱাৰ পূৰ্বে সামাজিক দূৰত্ব অব্যাহত থকাৰ সময়ত বেংকে নিষ্ক্ৰিয় গ্ৰাহকক হোৱাটচ আপক প্ৰথম ডিজিটেল বেংকিং হিচাবে গ্রহণ কৰাত সহায় কৰিছে ।
![WhatsApp on way to become India's digital banking channel](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12:00_3596231_whatsapp_1506newsroom_1592197430_1003.jpg)
বৰ্তমান হোৱাটচ এপ বেংকৰ লগত গ্ৰাহকৰ যোগাযোগৰ এক অন্যতম সুবিধাজনক মাধ্যমত পৰিণত হৈছে । ইয়াৰ জৰিয়তে হোৱাট এপে বেংকিং সেৱাক এক অনন্য মাত্ৰাও প্ৰদান কৰিছে । কটক মহিন্দ্ৰা বেংকে ২০১৮ চনত ভাৰতত প্ৰথম হোৱাট এপত বেংকিং সেৱা আৰম্ভ কৰিছিল । বেংকটোৱে বৰ্তমান হোৱাটচ এপৰ মাধ্যমত প্ৰায় ২০ লাখ গ্ৰাহকক সেৱা প্ৰদান কৰিছে । বিগত বৰ্ষৰ তুলনাত ২০২০ বৰ্ষত হোৱাট এপত বেংকটোৰ ৯৮ শতাংশ গ্ৰাহক বৃদ্ধি পাইছে।
লগতে পঢ়ক :সাংবাদিক মনজিৎ মহন্তৰ বিৰুদ্ধে গোচৰ ৰুজু