ETV Bharat / briefs

ধনশিৰিত চুৰি গাড়ীসহ দুই মণিপুৰী যুৱক আটক -

মণিপুৰ গাড়ী চোৰ চক্ৰই নিদ্ৰা হৰণ কৰিছে কাৰ্বি আংলং আৰক্ষীৰ ৷ ধনশিৰিত চুৰি গাড়ী সহ দুই মণিপুৰী যুৱক আটক ৷

গাড়ীচোৰ আটক
গাড়ীচোৰ আটক
author img

By

Published : Oct 14, 2020, 9:56 PM IST

ডিফু,১৪ অক্টোবৰ: কাৰ্বি আংলং-নাগালেণ্ডৰ সীমান্ত অঞ্চলক নিৰাপদ কৰিডৰ হিচাপে ব্যৱহাৰ কৰি অহা আন্তঃৰাজ্যিক গাড়ী চোৰ চক্ৰই গাড়ী চুৰি কাৰ্য অব্যাহত ৰাখিছে ৷ বুধবাৰে সন্ধিয়া অসম- নাগালেণ্ড সীমান্তৰ ডিফু থানাৰ অন্তৰ্গত ধনশিৰি আৰক্ষী চকীৰ আৰক্ষীৰ নিয়মীয়া তালাচী অভিযানত এখন চুৰি গাড়ী সহ দুই মণিপুৰী যুৱক আটক হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ধনশিৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত হাজৰিকাই সাংবাদিকক জানিবলৈ দিয়া অনুসৰি, এক বিশেষ সূত্ৰৰ তথ্যৰ ভিত্তিত ধনশিৰি এলেকাত চলোৱা অভিযানত ডিফুৰ পৰা ধনশিৰি অভিমুখে গৈ থকা এমএইচ 48এফ 8199 পঞ্জীয়নকৃত এখন বগা ৰঙৰ ফৰ্চুনাৰ গাড়ী ৰখিবলৈ নিৰ্দেশ দিয়ে ৷ গাড়ীখনৰ মূল আৰচিৰ সৈতে গাড়ীৰ চেছিছ আৰু ইঞ্জিন নম্বৰৰ সাদৃশ্য নথকাত গাড়ীখন চুৰি কৰা বুলি নিশ্চিত হয় আৰক্ষী ৷ ধৃত চোৰ দুটাক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷ এই সন্দৰ্ভত ডিফু থানাত ১৯৩/২০২০ নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ ধৃত চোৰ দুটা ক্ৰমে মনিপুৰৰ ইম্ফলৰ কংথৌজাম এমপল সিঙ আৰু ৰাজ কুমাৰ ডুম্বা সিঙ বুলি চিনাক্ত কৰা হৈছে ৷

গাড়ীচোৰ আটক
গাড়ীচোৰ আটক

উল্লেখ্য যে মাঞ্জা আৰু ডিলাই আৰক্ষীয়ে মাঞ্জা-ডিমাপুৰ পথত ধাৰাবাহিক অভিযান চলাই কেইবাখনো চুৰি গাড়ীসহ কেইবাটাও গভাইত মণিপুৰী গাড়ী চোৰক আটক কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ পিছত গাড়ী চুৰি চক্ৰটোৱে উক্ত পথ পৰিহাৰ কৰি ডিফু ধনশিৰি পথটোক গাড়ী চোৰৰ বাবে ব্যৱহাৰ কৰিবলৈ লোৱাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ৷

চুৰি গাড়ী উদ্ধাৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.