ETV Bharat / briefs

ইউনাইটেড ট্ৰাইবেল অৰ্গেনাইজেছনৰ সংবাদমেল কোকৰাঝাৰ প্ৰেছ ক্লাৱত - বি.টি.এ.ডি

কোকৰাঝাৰ প্ৰেছ ক্লাৱত ইউনাইটেড ট্ৰাইবেল অৰ্গেনাইজেছন অসমে এখন সংবাদমেল সম্বোধন কৰি সংবাদমেলত নৱ কুমাৰ শৰণীয়াক গ্ৰেপ্তাৰৰ দাবী জনায়, হীৰা শৰণীয়াক উচতনিমূলক মন্তব্য কৰাৰ পৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কৰে

সংবাদমেল কোকৰাঝাৰ প্ৰেছ ক্লাৱত
author img

By

Published : May 2, 2019, 6:25 PM IST

কোকৰাঝাৰ, ২মেঃ বৃহস্পতিবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাৱত ইউনাইটেড ট্ৰাইবেল অৰ্গেনাইজেছন অসম নামৰ সংগঠনটোৱে এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত সংগঠনটোৰ সভাপতি মাৰ্কুচ বসুমতাৰীয়ে কোকৰাঝাৰৰ প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰণীয়াক গ্ৰেপ্তাৰৰ দাবী জনায়। বসুমতাৰীয়ে ১৫ লাখ অবড়োক উচ্ছেদ কৰিলে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব বুলিও মন্তব্য কৰে সংবাদমেলত ।

সংবাদমেল কোকৰাঝাৰ প্ৰেছ ক্লাৱত

ইফালে, সভাপতিগৰাকীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে অসম চৰকাৰে বি.টি.এ.ডিৰ ভূমি অবড়োসকলে অবৈধভাৱে দখল কৰি থকাৰ সঠিক তথ্য দিবলৈ দাবী জনায় প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰণীয়াক। সংগঠনটোৰ সভাপতি মাৰ্কুচ বসুমতাৰীয়ে 'ট্ৰাইবেল বেল্ট এণ্ড ব্লক(Tribal Belt & Block)ক লৈ নৱ কুমাৰ শৰণীয়াৰ লগতে হীৰা শৰণীয়াই বড়ো আৰু অবড়োসকলৰ মাজত ৰাজনীতি কৰি থকা বুলি মন্তব্য কৰে। আনহাতে সংগঠনৰ নেতাগৰাকীয়ে সংবাদমেলত যিসকল অজনজাতি লোকে "Tribal Belt & Block" গঠন হোৱাৰ পূৰ্বৰে পৰা এই এলেকাসমূহত বসবাস কৰি আছে তেওঁলোকে শংকিত হোৱাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰি নিজৰ ৰাজনৈতিক লাভৰ বাবে উচতনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাই হীৰা শৰণীয়াক।

Intro:কোকৰাঝাৰৰ প্ৰাক্তন সাংসদ নৱ শৰণীয়াক গ্ৰেপ্তাৰৰ দাবী 

বি টি এডিত অবৈধ ভাৱে দখল কৰা অজনজাতি লোকক উচ্ছেদ কৰিবই লাগিব: ইউ টি অ এ 

কোকৰাঝাৰৰ প্ৰাক্তন সাংসদ নৱ উৰ্ফে হিৰা শৰণীয়াক গ্ৰেপ্তাৰৰ দাবী তুলিছে ইউনাইটেত ট্ৰাইবেল অৰ্গানাইজ্যেছন, অসম নামৰ সংগঠনটোৱে । প্ৰাক্তন সাংসদ গৰাকীয়ে ভাবুকি প্ৰধান কৰা বুলি অভিযোগ তুলিছে সংগঠনৰ সভাপতি মাৰ্কুচ বসুমতাৰীয়ে । "১৫ লাখ অবড়োক উচ্ছেদ কৰিলে ভয়াৱহ হব পৰিস্থিতি" বুলি মন্তব্য কৰিছিল প্ৰাক্তন সাংসদ নৱ শৰণীয়াই ।

Body:আজি কোকৰাঝাৰ প্ৰেছ ক্লাৱত সংবাদ মেল আয়োজন কৰি উক্ত মন্তব্য দিয়া সাংসদগৰাকীক তীব্ৰ ভাষাৰে গৰিহণা দিয়া লগতে গ্ৰেপ্তাৰ কৰাৰ দাবী আৰু 

বি টি এডিত অবৈধ ভাৱে দখল কৰা অজনজাতি লোকক উচ্ছেদ কৰিবই লাগিব দাবী তুলিছে ইউনাইটেত ট্ৰাইবেল অৰ্গানাইজ্যেছন, অসম নামৰ সংগঠনটোৱে । উল্লেখযোগ্য যে এটা PIL আবেদনৰ ভিত্তিত মহামাণ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অসম চৰকাৰে বি টি এ ডিত ৪.৫০ লাখতকৈ অধিক বিঘা "Tribal Belt & Block" ৰ ভুমি অজনজাতি সকলে অবৈধ ভাৱে দখল কৰি থকা বুলি সঠিক তথ্য দিয়াক কেন্দ্ৰ কৰি কোকৰাঝাৰৰ নিৰ্দলীয় প্ৰাৰ্থী তথা প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰণীয়াই কঠোৰ সকীয়নি দি " ১৫ লাখ অবড়োক উচ্ছেদ কৰিলে ভয়াৱহ পৰিস্থিতি হব" বুলি মন্তব্য কৰিছিল । সংবাদ মেলত সংগঠনৰ সভাপতি মাৰ্কুচ বসুমতাৰীয়ে প্ৰাক্তন সাংসদ গৰাকীক এনেধৰণৰ ভাবুকি প্ৰদান কৰাক তীব্ৰ ভাষাৰে গৰিহণা দি অসম চৰকাৰলৈ অতি শীঘ্ৰে এনেধৰণৰ ভাবুকি দিয়াৰ বাবে গ্ৰেপ্তাৰ কৰিবলৈ দাবী কৰে। হিৰা শৰণীয়াই নিজৰ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে "Tribal Belt & Block" ক লৈ বড়ো আৰু অবড়োৰ ৰাজনীতি নকৰক বুলি সকীয়নি দিয়া লগতে হিৰা শৰণীয়াই এজন সংৰক্ষিত জনজাতীয় লোক সভাৰ প্ৰাক্তন সাংসদ আৰু "ST Certificate" ত বড়ো কোচাৰী বুলি উল্লেখ থকা বাবেহে সাংসদ হোৱাৰ সম্ভৱ হৈছিল বুলি কয় সংগঠনৰ সভাপতিগৰাকীয়ে। তাৰোপৰি সংগঠনৰ নেতাগৰাকীয়ে কয় যে হিৰা শৰণীয়া এগৰাকী বড়ো সাংসদ আছিল আৰু আপোনাৰ(হিৰা শৰণীয়া)  মতে বি টি এ ডি এলেকাত প্ৰায় ৭০ শতাংশ অজনজাতিয় লোকৰ সংখ্যা হৈছে ১৫ লাখ আৰু ইমান বৃহৎ অঞ্চলত সন্দেজনক নাগৰিক বি টি এ ডিত বসবাস কৰাৰ প্ৰশ্নই উঠিব নোৱাৰে বুলি কৈ হিৰা শৰণীয়াৰ মতামত সচা তেনেহলে অসম চৰকাৰে কিয় বি টি এ ডিত ৪.৫০ লাখ বিঘা ভুমিত অজনজাতি সকলে অবৈধ ভাৱে দখল কৰি থকাৰ সঠিক মহামাণ্য গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিলে বুলি প্ৰশ্ন তুলিছে ।

Conclusion:আনহাতে সংগঠনৰ নেতাগৰাকীয়ে যিসকল অজনজাতি লোকে "Tribal Belt & Block" গঠন হোৱাৰ আগৰে পৰা সেই এলেকা সমূহত বসবাস কৰি আছে আৰু আছাম লেণ্ড ৰেভিনিউ আইন১৮৮৬ মতে অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী, চাউতাল, আদিকে ধৰি সংৰক্ষিত শ্ৰেণীত অন্তৰ্ভুক্ত হোৱা সকল শংকিত হোৱাৰ প্ৰয়োজন নাই বুলি কৈ হিৰা শৰণীয়াৰ নিজৰ ৰাজনৈতিক লাভৰ বাবে কৰা উচতনিমূলক মন্তব্যক গ্ৰহণ নকৰক বুলি আহ্বান জনোৱা সংবাদ মেলত সংগঠনটোৰ যুটীয়া সম্পাদক ফিটোৰ ৰাভা, টোজেন নাৰ্জাৰী আৰু সদস্য জ্যোতি ৰাভাই উপস্থিত থাকে।

বাইট: মাৰ্কুচ বসুমতাৰী, সভাপতি ইউ টি অ এ ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.