ETV Bharat / briefs

অখিল গগৈৰ মুক্তি আৰু কা বাতিলৰ দাবীত প্ৰতিবাদ

author img

By

Published : Dec 14, 2020, 8:36 PM IST

টীয়কত কা বাতিল আৰু কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত অৱস্থান ধৰ্মঘট । বিজেপিক অহা ২১ নিৰ্বাচনত পৰাভূত কৰি ৰাইজৰ দলে চৰকাৰ গঠন কৰাৰো হংকাৰ দিয়ে ৷

কা বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ

টীয়ক, ১৪ ডিচেম্বৰ : জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সমগ্ৰ অসমজুৰী হোৱা আন্দোলনত বিশেষ ভূমিকা গ্ৰহণ কৰাৰ অপৰাধতে অসমৰ প্ৰশাসনৰ ষড়যন্ত্ৰৰ বলি হোৱা অখিল গগৈ আজিও কাৰাৰুদ্ধ হৈ আছে । কৃষক নেতাজনৰ মুক্তিৰ দাবীত সমগ্ৰ অসমৰ আকাশ বতাহ উত্তাল হৈ আছে । পিছ পৰি থকা নাই অখিল গগৈৰ গৃহ জিলা যোৰহাটৰ টীয়কো ।

আজি কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, বীৰ লাচিত সেনাৰ উদ্যোগত তথা ৰাইজৰ সহযোগত টীয়ক নগৰৰ মাজমজিয়াত জাতি ধ্বংসী কা আৰু অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰায় তিনি শতাধিক লোকৰ উপস্থিতিত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । এটা বছৰতকৈ অধিক সময় ভুৱা গোচৰত কাৰাগাৰত সুমুৱাই ৰখা কৃষক নেতাজনৰ মুক্তিৰ দাবীত টীয়কৰ আকাশ বতাহ কঁপাই তুলি বিনাচৰ্তে মুক্তিৰ দাবী জনাই ভৱিষ্যতে ইয়াতকৈও অধিক জংগী আন্দোলনৰ হুংকাৰ দিয়ে প্ৰতিবাদী জনতাই । লগতে বিজেপিক অহা ২১ নিৰ্বাচনত পৰাভূত কৰি ৰাইজৰ দলে চৰকাৰ গঠন কৰি প্ৰথমতে বিধানসভাত কা বাতিল কৰি দেশ তথা জাতিক সুৰক্ষা প্ৰদান কৰিব বুলি মন্তব্য কৰে ।

লগতে পঢ়ক : ব্যতিক্ৰমী সংযোজনেৰে মানাহত আৰম্ভ হ'ল হস্তী প্ৰদৰ্শনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.