ETV Bharat / briefs

আমেৰিকাৰ চোৰাংচোৱাৰ তথ্যক খাৰিজ তালিবানৰ

মস্কোৱে আমেৰিকা সেনাক আক্ৰমনৰ বাবে আফগানিস্তানৰ সহস্ত্ৰ ইচলামী বিদ্ৰোহী সংগঠনক ধন প্ৰদান কৰিব পাৰে বুলি এটা অজ্ঞাত চৰকাৰী সূত্ৰই মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পক উল্লেখ কৰিছিল। কিন্তু ট্ৰাম্পে এই প্ৰতিবেদনৰ তদন্ত কৰাত ব্যৰ্থ হৈ আছে বুলি নিউয়ৰ্ক টাইমছত প্ৰকাশ পাইছে।

Taliban
Taliban refutes reports on Russia's role in killings of US troops in Afghanistan
author img

By

Published : Jun 28, 2020, 4:57 PM IST

নিউজ ডেস্ক, ২৮ জুনঃ ৰুচে আমেৰিকা সেনাৰ বিৰুদ্ধে আক্ৰমন চলোৱাৰ বাবে তালিবানৰ সহায় লোৱা বুলি অব্যাহত থকা চৰ্চাক শনিবাৰে খাৰিজ কৰে তালিবানৰ মুখপাত্ৰ জবীহুল্লাহ মুজাহীদে।

নিউয়ৰ্ক টাইমছে শুকুৰবাৰে প্ৰকাশ কৰা এটা বাতৰি অনুসৰি, মস্কোই আমেৰিকা সেনাক আক্ৰমনৰ বাবে আফগানিস্তানৰ সহস্ত্ৰ ইচলামী বিদ্ৰোহী সংগঠনক ধন প্ৰদান কৰিব পাৰে বুলি এটা অজ্ঞাত চৰকাৰী সূত্ৰই মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পক উল্লেখ কৰিছিল। কিন্তু ট্ৰাম্পে এই প্ৰতিবেদনৰ তদন্ত কৰাত ব্যৰ্থ হৈ আছে বুলি নিউয়ৰ্ক টাইমছত প্ৰকাশ পাইছে।

তালিবানৰ মুখপাত্ৰ জবীহুল্লাহ মুজাহীদে পূৰ্বৰে পৰা সকলো অস্ত্ৰ-সস্ত্ৰ দেশত উপলব্ধ আছিল বুলি উল্লেখ কৰে। তেখেতে লগতে, তালিবানৰ কাৰ্য-কলাপ কোনোধৰণৰ চোৰাংচোৱা কাৰ্য অথৱা বিদেশৰ লগত সম্বন্ধিত নহয় বুলি প্ৰকাশ কৰে।

Taliban refutes reports on Russia's role in killings of US troops in Afghanistan
আফগানিস্তানঃ আমেৰিকাৰ চোৰাংচোৱাৰ তথ্যক খাৰিজ তালিবানৰ

আফগানিস্তানত শান্তি আৰু সুস্থিৰতা সুনিশ্চিত কৰাৰ বাবে তালিবানে আমেৰিকাৰ সৈতে এটা চুক্তি কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি জবীহুল্লাহ মুজাহীদে উল্লেখ কৰে।

প্ৰায় দুই দশকৰ সহস্ত্ৰ সংগ্ৰাম আৰু উদ্ৰবাদৰ পাছত আফগানিস্তানে সমাধান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে ফেব্ৰুৱাৰী মাহত আলোছনা মৰ্মে আমেৰিকা আৰু তালিবানৰ মাজত শান্তি-চুক্তিত স্বাক্ষৰ কৰিছিল।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.