হাজো, 28 জুন: এক বৰ্বৰ আৰু অমানৱীয় ঘটনাৰ সাক্ষী হ'ল হাজোৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় ৷ এগৰাকী শিক্ষয়িত্ৰী হৈ দানৱ সদৃশ কাম কৰিলে এইগৰাকী শিক্ষয়িত্ৰীয়ে ৷ হাজোৰ 'আদৰ্শ জাতীয় বিদ্যালয়'ৰ দীপিকা মেধি নামৰ এগৰাকী শিক্ষয়িত্ৰীয়ে প্ৰচণ্ড ঘোচা সোধালে দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰীৰ ওপৰত ৷ পৰীক্ষাত কমকৈ লিখাৰ অভিযোগ তুলি ছাত্ৰী গৰাকীৰ ওপৰত এইদৰে আক্ৰমণ কৰে শিক্ষয়িত্ৰী গৰাকীয়ে ৷ দীপিকা মেধিৰ আঙুঠি পিন্ধি থকা হাতৰ ঘোচাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ছাত্ৰী গৰাকী ৷ চেকণিৰ আগত বিদ্যা কেতিয়াবাই অতীত হ'ল যদিও একাংশ শিক্ষক নাম ধাৰী পিশাচে এইদৰে কণমানি ছাত্ৰীক তালিবাণী নৃশংসতাৰে আক্ৰমণ কৰা ঘটনাই এতিয়া প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে হাজোত ৷
ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত হাজো আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে৷ ইতিমধ্যে চিকিৎসকে ছাত্ৰী গৰাকীৰ চকুৰ আঘাত গুৰুতৰ বুলি জনাইছে পৰিয়ালবৰ্গক ৷