মৰাণ, ৯ নৱেম্বৰ: উজনি অসমৰ এখন উল্লেখযোগ্য স্থান হৈছে বগীবিল দলং। বহু জল্পনা কল্পনাৰ অন্তত প্ৰায় দুবছৰ পূৰ্বে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিছিল দলংখন। দলংখনৰ দুয়োকাষে আটক ধুনীয়াকৈ লগোৱা হৈছিল ষ্ট্ৰীট লাইট।

কিন্তু সময়ৰ সোঁতত এতিয়া সকলো ফুটুকাৰ ফেনত পৰিণত হৈছে। বিগত কিছু দিনত বগীবিল দলঙৰ আধাতকৈ বেছি ষ্ট্ৰীট লাইট বিকল হৈ পৰে। যাৰ বাবে এতিয়া সন্ধিয়াৰ লগে লগেই অন্ধকাৰত ডুব যায় বগীবিল দলং।
লগতে পঢ়ক : কাইলৈ অগপত যোগ দিব পৰমানন্দ ৰাজবংশীয়ে