ETV Bharat / briefs

অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ পিতৃক চিবিআইৰ জেৰা

author img

By

Published : Sep 3, 2020, 1:06 PM IST

ইয়াৰ আগতে চিবিআইয়ে সুশান্তৰ বান্ধৱী ৰিয়াক তেওঁৰ ভাতৃ শ্বোহিক চক্ৰৱৰ্তীসহ চাৰিদিন ধৰি ৩৪ ঘন্টা জেৰা চলাইছিল । ৩০ আগষ্টৰ পৰা চিবিআইৰ দলে তিনিবাৰকৈ সুশান্তৰ বান্দ্ৰাস্থিত ফ্লেটলৈ যোৱাৰ লগতে তদন্তৰ খাতিৰত কুপাৰ হাস্পতাল ৱাটাৰ ষ্টন ৰিজৰ্টলৈও যায় । দুবাৰকৈ চিবিআইৰ দল সেই স্থানত উপস্থিত হৈছে ৷

অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ পিতৃক চিবিআইৰ জেৰা
অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ পিতৃক চিবিআইৰ জেৰা

মুম্বাই, ৩ চেপ্তেম্বৰঃ অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ পিতৃয়ে বৃহস্পতিবাৰে সুশান্ত সিং ৰাজপুতৰ মৃত্যু সম্পৰ্কত জেৰাৰ বাবে চিবিআইৰ বিশেষ তদন্তকাৰী দলৰ সন্মুখত হাজিৰ হয় ।

সুশান্ত সিং ৰাজপুতৰ সৈতে তেখেতৰ কন্যা ৰিয়া চক্ৰৱৰ্তীৰ আৰ্থিক সম্পৰ্কৰ বিষয়ে জেৰা কৰে পিতৃ ইন্দ্ৰজিতক । ইয়াৰ পূৰ্বৰ জেৰাত চিবি আইয়ে তেওঁ সুশান্ত সিং ৰাজপুতক কেনেকৈ চিনি পাইছিল, সুশান্তৰ সৈতে বিনিয়োগৰ কিবা পৰিকল্পনা কৰিছিল নেকি আদি প্ৰশ্ন কৰে যিহেতু তেওঁৰ কন্যা প্ৰয়াত অভিনেতাগৰাকীৰ সৈতে একেলগে আছিল ।

ইয়াৰ আগতে চিবিআইয়ে সুশান্তৰ বান্ধৱী ৰিয়াক তেওঁৰ ভাতৃ শ্বোহিক চক্ৰৱৰ্তীসহ চাৰিদিন ধৰি ৩৪ ঘন্টা জেৰা চলাইছিল । ৩০ আগষ্টৰ পৰা চিবিআইৰ দলে তিনিবাৰকৈ সুশান্তৰ বান্দ্ৰাস্থিত ফ্লেটলৈ যোৱাৰ লগতে তদন্তৰ খাতিৰত কুপাৰ হাস্পতাল ৱাটাৰ ষ্টন ৰিজৰ্টলৈও যায় । দুবাৰকৈ চিবিআইৰ দল সেই স্থানত উপস্থিত হৈছিল ৷

চিবিআইয়ে সুশান্তৰ ব্যক্তিগত কৰ্মচাৰী নীৰজ সিং আৰু কেশৱ বাচনকো সোধা পোছা কৰে । লগতে সুশান্তৰ প্ৰাক্তন মেনেজাৰ শ্রুতি মোদীৰ বক্তব্যও ৰেকৰ্ড কৰিছে চিবিআইয়ে ।

বিহাৰ চৰকাৰৰ এটা অনুৰোধৰ পিচতে চিবিআইয়ে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত আগষ্টত গোছৰ ৰুজু কৰি তদন্ত চলাই আছে । পাটনা কৰ্টত সুশান্তৰ পিতৃয়ে দাখিল কৰা এক গোচৰৰ পিচতে চিবিআইৰ গোচৰত অভিযুক্ত হিচাপে ৰিয়া চক্ৰৱৰ্তী, ৰিয়াৰ পিতৃ ইন্দ্ৰজিত, ৰিয়াৰ মাক, সুশান্তৰ প্ৰাক্তন মেনেজাৰ শ্রুতি মোদী, হাউচ মেনেজাৰ চেমুৱেল মিৰাণ্ডা, পিঠানী তথা বহুতো লোকৰ নাম অভিযুক্তৰ তালিকাত উল্লেখ কৰা হৈছে ।

লগতে চাওকঃ বিশেষভাৱে সক্ষম শিশুৰ সৈতে সুশান্তৰ কিছু মধুৰ মুহূৰ্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.