ETV Bharat / briefs

ভাৰতৰ সহায় বিচাৰিছে আফগান আমেৰিকান শিখসকলে

author img

By

Published : Jun 22, 2020, 6:38 PM IST

আফগানিস্তানৰ ধৰ্মীয় সংখ্যালঘুসকলৰ ভয়াৱহ পৰিস্থিতিৰ পৰা ৰক্ষা কৰিবলৈ একমাত্ৰ ভাৰতেই ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। কেৱল ভাৰতেই এনেকুৱা এখন ঠাই য'ত এইসকল লোকে সুৰক্ষিতভাৱে থাকিব পাৰে বুলি সংযুক্ত ৰাষ্ট্ৰত বসবাস কৰা সাম্প্ৰদায়িক নেতাসকলে প্ৰকাশ কৰে।

আফগান আমেৰিকান শিখ
ভাৰতৰ সহায় বিচাৰিছে আফগান আমেৰিকান শিখসকলে

ইণ্টাৰনেশ্বনেল ডেস্ক, ২২ জুনঃ চাৰিদিন পূৰ্বে অপহৰণ হয় আফগানিস্তানৰ পক্তিয়া প্ৰান্তৰ তচমনী জিলাৰ এজন স্থানীয় লোক। সংযুক্ত ৰাষ্ট্ৰত বসবাস কৰা আফগান শিখ সম্প্ৰদায়ৰ লোকসকলে প্ৰকাশ কৰে এই কথা।

অপহৰণ হোৱা ব্যক্তিজন নিধন সিং বুলি জানিব পৰা গৈছে । নিধন সিং তচমনী জিলাৰ এটা গুৰুদ্বাৰাত গুৰুসেৱক হিচাপে কৰ্মৰত আছিল।

সিঙৰ অপহৰণৰ পাছত , সংযুক্ত ৰাষ্ট্ৰত বসবাস কৰা আফগান শিখ সম্প্ৰদায়ে ভাৰত চৰকাৰৰ পৰা আফগানিস্তানত বসবাস কৰা শিখসকলৰ পুনৰ সংস্থাপনৰ বাবে সহায় বিচাৰে ।

তেওঁলোকে ৬০০ গৰাকীৰ অধিক শিখ লোকক সুৰক্ষিত আশ্ৰয় প্ৰদান কৰাৰ বাবে বন্দে ভাৰত মিছনৰ দৰে বিশেষ আঁচনিৰ ব্যৱস্থা কৰিবলৈ ভাৰত চৰকাৰক আৱেদন জনাইছে।

নিউ জৰ্চিস্থিত আফগান শিখ সম্প্ৰদায়ৰ সভাপতি পৰমজীৎ সিং বেদীয়ে এই সন্দৰ্ভত উল্লেখ কৰে যে, "মই শিখ সাংসদ নৰিন্দৰ সিঙৰ সৈতে কথা পাতিছো আৰু আফগান চৰকাৰে নিধন সিঙৰ বিচৰাৰ ক্ষেত্ৰত সহায় কৰিব বুলি আশ্বাস প্ৰদান কৰিছে ।"

বেদীয়ে পুনৰ কয় যে, "নৰিন্দৰ সিঙেও তালিবান নেতাসকলৰ লগত অপহৰণ সন্দৰ্ভত কথা পাতিছে আৰু তেওঁলোকেও নিধন সিঙক সহায় কৰাৰ কথা প্ৰকাশ কৰিছে। "

পৰমজীৎ সিং বেদী আৰু শিখ সম্প্ৰদায়ৰ সদস্যসকলে কেন্দ্ৰীয় মন্ত্ৰী হৰদ্বীপ সিং পুৰী, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এচ্ জয়শংকৰ আৰু সংযুক্ত ৰাষ্ট্ৰ আমেৰিকাৰ দূতাভাষ তৰণজীৎ সিং সংঘুক এখন লিখিত আৱেদন জনাব বুলি জানিবলৈ দিয়ে।

কাবুল, জলালাবাদ আৰু গজনীত বসবাস কৰা শিখ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ জীৱনক লৈ চিন্তিত হৈ ভাৰতৰ পৰা সহায় বিচাৰিছে এইসকল লোকে।

ভাৰত চৰকাৰৰ দ্বাৰা ইয়াৰ পূৰ্বে গ্ৰহণ কৰা ব্যৱস্থাৰ প্ৰতি উৎসাহিত হৈ আফগান শিখ সম্প্ৰদায়ৰ নেতাসকলে আফগানিস্তানৰ শিখ আৰু হিন্দু লোকসকলৰ থকা-খোৱাৰ লগতে আইনগতভাৱে প্ৰৱেশৰ ভিছা প্ৰদান কৰিবলৈ আৱেদন জনায়।

আফগানিস্তানৰ ধৰ্মীয় সংখ্যালঘুসকলৰ ভয়াৱহ পৰিস্থিতিৰ পৰা ৰক্ষা কৰিবলৈ একমাত্ৰ ভাৰতেই ব্যৱস্থা গ্ৰহণ কৰিব পাৰে । কেৱল ভাৰতেই একমাত্ৰ এনেকুৱা এখন ঠাই য'ত এইসকল লোকে সুৰক্ষিতভাৱে থাকিব পাৰে বুলি সংযুক্ত ৰাষ্ট্ৰত বসবাস কৰা সাম্প্ৰদায়িক নেতাসকলে প্ৰকাশ কৰে।

চলিত বৰ্ষৰ মে' মাহত আফগানিস্তানৰ ধৰ্মীয় সংখ্যালঘুসকলৰ সুৰক্ষা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি ২৪ গৰাকী আমেৰিকান কংগ্ৰেছ নেতাই, ৰাষ্ট্ৰখনৰ সচিব মাইক পোম্পিঅ'ৰ সৈতে শিখ সদস্যসকলৰ সুৰক্ষা আৰু শীঘ্ৰে সংস্থাপনৰ সুবিধা গ্ৰহণৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.