ETV Bharat / briefs

শিৱসাগৰৰ পথ আৰু দলং নিৰ্মাণত দুৰ্নীতি!! - চাছ ইঞ্জিনিয়াৰ্চ

শিৱসাগৰৰ ধাইআলিৰ পৰা ধাইবাৰীলৈ যোৱা পথটোত নিৰ্মাণ কৰা এখন দলং আৰু এটি পথত দুৰ্নীতিৰ অভিযোগ, প্ৰায় ৮ কোটি টকাৰে নিৰ্মাণ কৰা দলঙত দুৰ্নীতিৰ অভিযোগ অঞ্চলবাসীৰ

শিৱসাগৰৰ পথ আৰু দলং নিৰ্মাণত দুৰ্নীতি
author img

By

Published : May 16, 2019, 1:17 PM IST

শিৱসাগৰ,১৫মে': শিৱসাগৰত পথ আৰু দলং নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ ৷ শিৱসাগৰ জিলাৰ ধাইআলিৰ পৰা ধাইবাৰীলৈ যোৱা পথটোত নিৰ্মাণ কৰা হৈছিল এখন দলং। প্ৰায় ৮ কোটি টকাৰে এই দলঙৰ লগতে এটা পকী পথো নিৰ্মাণ কৰা হৈছিল নাজিৰা পথ সংমণ্ডলৰ অন্তৰ্গত আখৈফুটীয়া আৰু চৰগুৱাত। কিন্তু দলং উদ্ধোধনৰ পূৰ্বে পথটোত চিৰাল ফাঁট মেলে। এই পথ নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰ সমুজ্জল বৰুৱা আৰু নিৰ্মাণ প্ৰতিষ্ঠান চাছ ইঞ্জিনিয়াৰ্চে ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে।

শিৱসাগৰৰ পথ আৰু দলং নিৰ্মাণত দুৰ্নীতি

উল্লেখ্য যে,দীৰ্ঘ দিনীয়া দাবী-প্ৰতিবাদৰ পাছত ৰাজ্য চৰকাৰে আখৈফুটীয়া আৰু চৰগুৱা পথটো পকীকৰণ কৰা নিৰ্মাণৰ ঠিকা গুৱাহাটীৰ চাছ ইঞ্জিনিয়াৰ্চ নামৰ এটা নিৰ্মাণ প্ৰতিষ্ঠানক আৱন্টন দিছিল ৷ প্ৰায় ৮ কোটি টকাৰ ধন আবন্টন লাভ কৰা ঠিকাদাৰ সমুজ্জল বৰুৱা আৰু পথটোৰ নিৰ্মাণৰ দায়িত্বত থকা অভিযন্ত্ৰা প্ৰতীম বৰুৱাই দিচাং নৈৰ ওপৰত নিৰ্মিত পকী দলং আৰু দলং সংযুক্ত পথ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। পথটো উদ্বোধন নোহোৱাতে পথত চিৰাল ফাঁট মেলাৰ লগতে বখলা-বখলে এৰাই যোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় স্থানীয় ৰাইজৰ মাজত। ইফালে পথ নিৰ্মাণত ঠিকাদাৰ-অভিযন্তাৰ অনিয়মৰ অভিযোগ উত্থাপন কৰা ৰাইজে ৮ মে'ত ঠিকাদাৰী প্ৰতিষ্ঠানৰ লগতে ঠিকাদাৰ-অভিযন্তাৰ বিৰুদ্ধে ডিমৌ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷ কিন্তু এজাহাৰ দাখিলৰ ৮ দিন অতিক্ৰম কৰাৰ পাছতো বৰ্তমানলৈকে ডিমৌ আৰক্ষীয়ে এজাহাৰকাৰীৰ মন্তব্য লিপিবদ্ধ কৰিবলৈ আহৰি নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে এজাহাৰ দাখিল কৰা যদুমনি বৰা নামৰ লোকজনে ৷

*শিৱসাগৰত ঠিকাদাৰৰ মহিমা--ঐতিহাসিক ধাইআলি- ধাইবাৰীলৈ নিৰ্মিত পথত দুৰ্নীতি-- উদ্বোধন নৌহওঁতেই চিৰাল ফাঁট পকী পথত-- বখলা-বখলে এৰাল ৮ কোটি টকীয়া দলং সংলগ্ন পথ*
Story-DEFECTIVE_ROAD
Ananta Smith
Sivasagar
16th May

A_SVR_16TH_MAY_801-802_DEFECTIVE_ROAD_7203499

শিৱসাগৰত গ্ৰাম্য পথ- দলং নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ ৷ নাজিৰা পথ সংমণ্ডলৰ অন্তৰ্গত আখৈফুটীয়া— চৰগুৱা পথ নিৰ্মাণত ঠিকাদাৰ সমুজ্জল বৰুৱা আৰু নিৰ্মাণ প্ৰতিষ্ঠান SHASS ইঞ্জিনিয়াৰ্চে ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ ৰাইজৰ ৷

    উল্লেখ্য যে দীৰ্ঘ দিনীয়া দাবী প্ৰতিবাদৰ পাছত ৰাজ্য চৰকাৰে  আখৈফুটীয়া -চৰগুৱা পথটো পকীকৰণৰ সিদ্ধান্ত লৈ নিৰ্মাণৰ ঠিকা গুৱাহাটীৰ SHASS ইঞ্জিনিয়াৰ্চ নামৰ নিৰ্মাণ প্ৰতিষ্ঠানক আৱন্টন দিয়ে ৷ কিন্তু ৮.৭ কোটি টকাৰ আবন্টন লাভ কৰা  ঠিকাদাৰ সমুজ্জল বৰুৱা আৰু পথটোৰ নিৰ্মাণৰ দায়িত্বত থকা অভিযন্ত্ৰা প্ৰতীম বৰুৱাই পথটোৰ সংলগ্ন ধাইআলি- ধাইবাৰী পথৰ দিচাং নৈৰ ওপৰত নিৰ্মিত পকী দলং আৰু দলং সংযুক্ত পকী পথ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ প্ৰায় ৮ কোটি ৭০ লাখ টকা ব্যয়েৰে নিৰ্মিত দলং আৰু সংযুক্ত পথৰ পকীকৰণত অবাধ দুৰ্নীতিৰ ফলত দলং আৰু সংলগ্ন পথৰ উদ্বোধন নৌহওঁতেই পথত চিৰাল ফাঁট মেলাৰ লগতে পথৰ পকী বখলা বখলে এৰি যোৱাত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৰাইজৰ মাজত ৷
   ইফালে পথ নিৰ্মাণত ঠিকাদাৰ-অভিযন্তাৰ অবাধ অনিয়মৰ অভিযোগ উত্থাপন কৰা ৰাইজে ৮ মে'ত ঠিকাদাৰী প্ৰতিষ্ঠানৰ লগতে ঠিকাদাৰ-অভিযন্তাৰ বিৰোদ্ধে ডিমৌ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে ৷ কিন্তু এজাহাৰ দাখিলৰ ৮  দিন অতিক্ৰম কৰাৰ পাছতো বৰ্তমানলৈকে ডিমৌ আৰক্ষীয়ে এজাহাৰকাৰীৰ মন্তব্য লিপিবদ্ধ কৰিবলৈ আহৰি নোপোৱাৰ অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰা  যদুমনি বৰা নামৰ ব্যক্তিগৰাকীয়ে ডিমৌ আৰক্ষী ঠিকাদাৰৰ পকেটত সোমোৱাৰ অভিযোগ কৰিছে ৷

Bite—  যদুমনি বৰা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.