ETV Bharat / briefs

প্ৰাণে মৰাৰ ভাবুকি দিয়া দুই যুৱকক আদালতৰ মজিয়াতেই ক্ষমা জুবিনৰ - হাৰ্টথ্ৰব জুবিন গাৰ্গ

পুনৰ এবাৰ বিশাল অন্তৰৰ পৰিচয় দি প্ৰাণে মৰাৰ ভাবুকি দিয়া দুই যুৱকক আদালতৰ মজিয়াতে ক্ষমা কৰি দিলে জুবিনে। লগতে অভিযুক্ত দুই যুৱকক খাৰঘুলীৰ নিজ গৃহলৈও মাতি যায় জুবিন গাৰ্গে ৷

প্ৰাণে মৰাৰ ভাবুকি দিয়া দুই যুৱকক আদালতৰ মজিয়াতেই ক্ষমা জুবিনৰ
author img

By

Published : Jun 27, 2019, 7:21 PM IST

Updated : Jun 27, 2019, 7:31 PM IST

ডিব্ৰুগড়, 27 জুনঃ ডিব্ৰুগড় জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ হয় যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ । 2017 চনৰ 22এপ্ৰিলত ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত অনুষ্ঠিত বিহু সন্মিলনৰ অনুষ্ঠানত ছ'চিয়েল মিডিয়াৰ জৰিয়তে 10 মিটাৰ দূৰৰ পৰা জুবিনক 9mm পিষ্টলেৰে গুলীয়াই হত্যা কৰাৰ ভাবুকি দিছিল টুল টুল বাগলাৰী ওৰফে কাই খাপলাং আৰু মুকুল গগৈ ওৰফে মুকুল আহোম শিৱসাগৰীয়া নামৰ দুজন যুৱকে। এই ঘটনাৰ এদিন পাছতে ডিব্ৰুগড় সদৰ আৰক্ষী থানাত সহকাৰী উপ পৰিদৰ্শক দিপেন্দ্ৰ ছেত্ৰীয়ে ৰুজু কৰিছিল এক গোচৰ। GR 1298/17,12(B)387/506 নম্বৰৰ গোচৰ সংক্ৰান্তত বৃহস্পতিবাৰে জুবিন গাৰ্গ উপস্থিত হ'ব লগা হয় ডিব্ৰুগড় আদালতত। কিন্তু জুবিন জুবিনেই । পুনৰ এবাৰ বিশাল অন্তৰৰ পৰিচয় দি প্ৰাণে মৰাৰ ভাবুকি দিয়া দুই যুৱকক আদালতৰ মজিয়াতে ক্ষমা কৰি দিলে জুবিনে। লগতে অভিযুক্ত দুই যুৱকক খাৰঘুলীৰ নিজ গৃহলৈও মাতি যায় জুবিন গাৰ্গে ৷ কেৱল সেয়াই নহয়, ছ'চিয়েল মিডিয়া ভাল কামত ব্যৱহাৰ কৰিবলৈও আহ্বান জনালে জুবিনে ।

অৱশ্যে ইয়াতেই শেষ নহ'ল জুবিনৰ আদালতত হাজিৰ প্ৰক্ৰিয়া। গোচৰ প্ৰক্ৰিয়া শেষ হোৱাৰ লগে লগে অধিবক্তাসকল একপ্ৰকাৰ উবুৰি খাই পৰিল জুবিনৰ ওপৰত। ডিব্ৰুগড়ৰ ন-পুৰণি অধিবক্তাই চাৰিও দিশৰ পৰা আৱৰি ফুল গামোচাৰে আদৰিলে মৰমৰ গায়ক জুবিন গাৰ্গক।

প্ৰাণে মৰাৰ ভাবুকি দিয়া দুই যুৱকক আদালতৰ মজিয়াতেই ক্ষমা জুবিনৰ

আৰু পঢ়কঃতিনিবছৰৰ অন্তত মুকলি আকাশৰ তললৈ আহিল মধুবালা মণ্ডল

A_dib_805to811_zubeen_jesim

5files(805to809) on mojo two files on ftp(810&811) with zubeen's byte.

ডিব্ৰুগড় জিলা ও সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ।

:2017 চনৰ 22এপ্ৰিলত ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত অনুষ্ঠিত বিহু সন্মিলন অনুষ্ঠানত চচিয়েল মিডিয়াৰ জৰিয়তে 10মিটাৰ দূৰৰ পৰা জুবিনক 9mm পিষ্টলেৰে গুলীয়াই হত্যা কৰাৰ ভাবুকি দিছিল দুই যুৱক ক্ৰমে টুল টুল বাগলাৰী ওৰফে কাই খাপলাং আৰু মুকুল গগৈ ওৰফে মুকুল আহোম শিৱসাগৰীয়া নামৰ দুজন যুৱকে।।এই ঘটনাৰ এদিনৰ পাছতে ডিব্ৰুগড় সদৰ আৰক্ষী থানাত SI দিপেন্দ্ৰ ছেত্ৰীয়ে ৰুজু কৰিছিল এক গোচৰ। GR 1298/17,12(B)387/506 নম্বৰৰ গোচৰ সংক্ৰান্তত জুবিন গাৰ্গে উপস্থিত হ'ব লগা হয় ডিব্ৰুগড় আদালতত আজি।।কিন্তু    জুবিন জুবিনেই।অদিত্বীয়, ব্যতিক্ৰমী আৰু সু-অনতৰৰ গৰাকীৰ পুনৰ এবাৰ পৰিচয় দি জুবিনে প্ৰাণে মৰাৰ ভাবুকি দিয়া দুই উঠি অহা যুৱকক আদালতৰ মজিয়াতে কৰি দিলে ক্ষমা।লগতে মাতিলে দুয়োকে খাৰঘুলীৰ নিজ গৃহলৈ।এইয়াই জুবিন গাৰ্গ।লগতে চচিয়েল মিডিয়া ভাল কামত ব্যৱহাৰ কৰিবলৈও জনালে আহ্বান জুবিনে।

Byte:zubeen

অৱশ্যে ইয়াতেই শেষ নহল জুবিনৰ আদালতত হাজিৰৰ প্ৰক্ৰিয়া।জুবিন আহিব আহিব বুলি নিজৰ আইনী কাম চমুৱাই পুৱাৰ পৰাই অধীৰ অপেক্ষাত বাট চাই থকা অধিবক্তা সকল গোচৰ প্ৰক্ৰিয়া শেষ হোৱাৰ লগে লগে একপ্ৰকাৰ জুবিনৰ ওপৰত উবুৰি খাই পৰিল।ডিব্ৰুগড়ৰ অধিবক্তাৰ বাৰত ন পুৰণি অধিবক্তাই চাৰিও দিশৰ পৰা আৱৰি ধৰিলে তেওঁলোকৰ মৰমৰ গায়ক জুবিন গাৰ্গক।ল'লে চেলফি, আদৰিলে ফুল গামোচাৰে।একপ্ৰকাৰ কিছু সময়ৰ বাবে যেন ডিব্ৰুগড় ন্যায়ালয়ৰ চৌহদ হৈ পৰিল উৎসৱথলীলৈ।

Byte:অধিবক্তা 

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদ
Last Updated : Jun 27, 2019, 7:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.