গোলাঘাট,৬জুন : দেওবাৰে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সহযোগত গোলাঘাটত অনুষ্ঠিত হয় এখন সম্বৰ্ধনা অনুষ্ঠান । পৰিৱেশ প্ৰকৃতি আৰু জৈৱ-বৈচিত্ৰতাৰ সংৰক্ষণ আৰু সজাগতাৰ উদ্দেশ্যে অসম সাহিত্য সভাই সমগ্ৰ ৰাজ্যজুৰি লৈছিল 'সেউজ যাত্ৰা' কেন্দ্ৰীয় এক কাৰ্যসূচী । এই কাৰ্যসূচী অনুসৰি তিনিগৰাকী প্ৰকৃতিপ্ৰেমীক বিশেষ সম্বৰ্ধনা জনোৱা হয় । প্ৰকৃতিপ্ৰেমী অৰূপ বল্লভ গোস্বামী আৰু গোলাপ গগৈক কেন্দ্ৰীয়ভাৱে সন্মান জনোৱাৰ লগতে জিলা সাহিত্য সভা,পশ্চিম গোলঘাট শাখা সাহিত্য সভাৰ তৰফৰ পৰা বনবন্ধু তৰুণ হাজৰিকাক সম্বৰ্ধনা জনোৱা হয় । গোলাঘাট জিলা সাহিত্য সভাৰ উদ্যোগত অনুস্থিত এই সম্বৰ্ধনা অনুস্থানত মূখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰেৰ লগতে গোলঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অধ্যক্ষ ড0 পুতুল চন্দ্ৰ শইকীয়া, বন সংমণ্ডল প্ৰাধিকাৰী ভাস্কৰ ডেকা, বিশিষ্ট শিক্ষাবিদ পোনাৰাম বৰুৱা,বিশিষ্ট শিক্ষাবিদ,সাংবাদিক উপেন দত্ত,অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞা, বিদেশ আৰু বৰ্হি ৰাজ্য উপ-সমিতিৰ আহ্বায়ক নুৰুল চুলতান ।
গোলাঘাটত সম্বৰ্ধনা তিনিগৰাকী প্ৰকৃতিপ্ৰেমীক - অৰূপ বল্লভ গোস্বামী
পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সহযোগত গোলাঘাটত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানত প্ৰকৃতিপ্ৰেমী অৰূপ বল্লভ গোস্বামী আৰু গোলাপ গগৈ, বনবন্ধু তৰুণ হাজৰিকাক সম্বৰ্ধনা জনোৱা হয়