বাইহাটা , ২৪ জুন : বাইহাটা চাৰিআলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । মালবাহী ট্ৰাক আৰু মাৰুতি ওৱেগন আৰ গাড়ীৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় এজন লোক ।
নিহত ব্যক্তিজন মঙলদৈৰ অপুৰ্ৱ শৰ্মা বুলি চিনাক্ত কৰা হৈছে । ইপিনে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত অপুৰ্ৱ শৰ্মাৰ পত্নী মধুষ্মিতা শৰ্মাক বেজেৰা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে মহিলা গৰাকীক জিএমচিএচলৈ প্ৰেৰণ কৰা হয় । জানিব পৰা মতে অপুৰ্ৱ শৰ্মা আৰু তেওঁৰ পত্নী মঙলদৈৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল । তেনে সময়তে অপুৰ্ৱই চলাই অহা AS-12-C-9781 নম্বৰৰ মাৰুতি ওৱেগন আৰ খন আৰু AS-01-DM-2639 নম্বৰৰ মালবাহী ট্ৰাক খনৰ মাজত মুখামুখি সংঘৰ্ষ হয় । যাৰ ফলত অপুৰ্ৱ শৰ্মাৰ থিতাতে মৃত্যু হয় । ইপিনে স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি আল্ট্ৰা বাছ সমূহৰ দৌৰাত্ম্যৰ বাবেও উক্ত পথচোৱাত বহু সময়ত এনে ধৰণৰ সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ থাকে ।