ETV Bharat / briefs

বঙাইগাঁৱত প্লাষ্টিকেৰে পথ নিৰ্মাণ - বঙাইগাঁৱত প্লাষ্টিকেৰে পথ নিৰ্মাণ

বঙাইগাঁও জিলাত পোন প্ৰথমবাৰৰ বাবে ন প্ৰযুক্তি প্ৰয়োগ কৰি প্লাষ্টিকৰ সহায়ত নিৰ্মাণ কৰা হৈছে এটি পথ ৷

Road making by using plastic in bongaigaon assam etv bharat news
প্লাষ্টিকেৰে নিৰ্মিত পথ
author img

By

Published : Feb 3, 2021, 8:51 PM IST

বঙাইগাঁও,৩ ফেব্ৰুৱাৰী: আই আই টি খড়্গপুৰে প্ৰস্তুত কৰি উলিওৱা চেল ফিল্ড (cell filled) নামৰ নৱ প্ৰযুক্তি ব্যৱহাৰ কৰি বঙাইগাঁৱত নিৰ্মাণ কৰা হৈছে এক পথ ৷ এয়া নিসন্দেহে এক সুখবৰ ৷ পোন প্ৰথমবাৰৰ বাবে বঙাইগাঁও জিলা ক্ষেত্ৰীয় পথ সংমণ্ডলৰ দ্বাৰা ৰাজ্যিক ঘাইপথ-২ ৰ পৰা মাজগাঁঁৱলৈ এটি পথ নিৰ্মাণ কৰি উলিওৱা হৈছে ।

Road making by using plastic in bongaigaon assam etv bharat news
বঙাইগাঁৱত প্ৰথমবাৰৰ বাবে এনে ব্যৱস্থা গ্ৰহণ

এই পথ নিৰ্মাণ কাৰ্যৰ আনুষ্ঠানিক শুভাৰম্ভ এই বৰ্ষৰে ২ ফেব্ৰুৱাৰীত কৰা হৈছিল । নতুন প্ৰযুক্তি সমৃদ্ধ এই পথৰ স্থায়িত্ব অধিক আৰু নিৰ্মাণ ব্যয় চলিত পদ্ধতিতকৈ যথেষ্ট কম ।

উল্লেখযোগ্য যে, পেলনীয়া প্লাষ্টিক ব্যৱহাৰেৰে উন্নত কৰা এই প্ৰযুক্তিয়ে পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰাতো বহু সহায় কৰিব ।

লগতে পঢ়ক:দি গাৰ্ল অন দ্যা ট্ৰেইন : আকৰ্ষণীয় হত্যাকাৰীৰ ৰূপত পৰিণীতি চোপ্ৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.