ETV Bharat / briefs

সাংবাদিক নিগ্ৰহৰ ঘটনাক গৰিহণা ৰঙাপৰাৰ দল-সংগঠনৰ - কুনাল বসুমতাৰীয়ে

সাংবাদিক নিগ্ৰহৰ ঘটনাক ৰঙাপৰা প্ৰেছ ক্লাৱ, আছু আৰু যুৱ-ছাত্ৰ পৰিষদে তীব্ৰভাৱে সমালোচনা কৰি সাংবাদিকসকলৰ নিৰাপত্তাৰ লগতে দোষীক শীঘ্ৰে শাস্তি প্ৰদানৰ দাবী জনায় ৷

ৰঙাপৰা প্ৰেছ ক্লাৱ, আছু আৰু যুৱ-ছাত্ৰ পৰিষদৰ গৰিহণা
author img

By

Published : Apr 28, 2019, 3:22 PM IST

মুকালমুৱা, 28 এপ্ৰিল : নলবাৰীৰ মুকালমুৱাত সংঘটিত হোৱা সাংবাদিক নিগ্ৰহৰ ঘটনাক ৰঙাপৰা প্ৰেছ ক্লাৱ, আছু আৰু যুৱ-ছাত্ৰ পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৷ ৰঙাপৰা প্ৰেছ ক্লাবৰ সভাপতি সুনিল মৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনায় ৷ সুনিল মৰে শীঘ্ৰে দুৰ্বৃত্তক চিনাক্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈও দাবী জনায় ৷

ৰঙাপৰা প্ৰেছ ক্লাৱ, আছু আৰু যুৱ-ছাত্ৰ পৰিষদৰ গৰিহণা

আনহাতে, মুকালমুৱাৰ স্থানীয় সাংবাদিক তথা সদৌ অসম সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি ৰাজেন ডেকাক হত্যাৰ চেষ্টা চলোৱাৰ ঘটনাক গৰিহণা দিয়ে তেজপুৰ মহকুমা ছাত্ৰ সন্থাৰ নেতা কুনাল বসুমতাৰীয়ে । ৰাজ্যখনত প্ৰতিদিনে সাংবাদিক নিৰ্যাতনৰ ঘটনা বৃদ্ধি পোৱাৰ লগতে সাংবাদিকসকলৰ নিৰাপত্তা প্ৰদানৰ ক্ষেত্ৰতো চৰকাৰে কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপন কৰে দল-সংগঠনসমূহে ৷ ইফালে সাংবাদিকসকলৰ বাবে নিৰাপত্তাৰ বাবে সুকীয়া আইন প্ৰৱৰ্তন কৰিবলৈও ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনায় যুৱ-ছাত্ৰ পৰিষদ ৰঙাপৰা আঞ্চলিক সমিতিৰ সভাপতি উপেন্দ্ৰ কুমাৰ নাথে।

Intro:মুকালমুৱাত সাংবাদিকক আক্ৰমণত ৰঙাপৰা প্ৰেছ ক্লাৱ, আছু আৰু যুৱ-ছাত্ৰ পৰিষদৰ গৰিহণা।Body:ৰঙাপৰাঃ ৰাজ্যত সংঘটিত হোৱা সাংবাদিক নিগ্ৰহৰ ঘটনাক ৰঙাপৰা প্ৰেছ ক্লাৱ, আছু আৰু যুৱ-ছাত্ৰ পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। ৰঙাপৰা প্ৰেছ ক্লাৱৰ সভাপতি সুনিল মৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনাই। লগেত ৰাজ্যখনত সাংবাদিকক আক্ৰমণৰ ঘটনাত জড়িত দুৰ্বৃত্তক চিনাক্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈকো দাবী জনাই। মুকালমুৱাৰ স্থানীয় সাংবাদিক তথা সদৌ অসম সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি ৰাজেন ডেকাক হত্যাৰ চেষ্টা চলোৱাৰ ঘটনাক তীব্র ভাষাৰে গৰিহণা দিয়ে আছুৰ তেজপুৰ মহকুমা ছাত্ৰ সন্থাৰ উপ সভাপতি কুনাল বসুমতাৰীয়ে। ৰাজ্যখনত দিনক দিনে সাংবাদিক নিৰ্যাতনৰ ঘটনা বৃদ্ধি পাই আহিছে। ৰাজ্যখনৰ সাংবাদিকসকলক নিৰাপত্তা প্ৰদানৰ বাবে দাবী জনাই অহাৰ পাছতো চৰকাৰে বিষয়টোক গুৰুত্ব সহকাৰে নললে। সাংবাদিকৰ নিৰাপত্তাৰ বাবে সুকীয়া আইন প্ৰৱৰ্তন কৰিবলৈও সংগঠনটোৱে ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনাইছে যুৱ-ছাত্ৰ পৰিষদ ৰঙাপৰা আঞ্চলিক সমিতিৰ সভাপতি উপেন্দ্ৰ কুমাৰ নাথে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.