নিউজ ডেস্ক, ১০ জুলাইঃ ইনষ্টাগ্ৰামযোগে দুখন ফটো শ্বেয়াৰ কৰি মনৰ অনুভৱ ব্যক্ত কৰে বলীউড অভিনেতা ৰাজকুমাৰ ৰাৱে । প্ৰথমখন ফটোত অভিনেতাগৰাকীক কেমেৰাৰ ফালে চাই ফটো উঠা দেখা গৈছে আৰু আনখন ফটোত ভাবুক অৱস্থাত দেখা গৈছে অভিনেতা ৰাজকুমাৰ ৰাওক।
ফটো দুখন শ্বেয়াৰ কৰি কেপচনত অভিনেতাগৰাকীয়ে "মনৰ স্থিতি....মই এখন ছবি অথবা ছিৰিজ চাম নেকি, নে ব্যায়াম অথবা পঢ়া কাম কৰিম, নে অন্য কিবা কাম কৰিম? মই ইয়াৰে সকলো কাম কৰিব পাৰো" বুলি লিখে অভিনেতাগৰাকীয়ে। (State of mind.. Shall I watch a Series or a Film or Workout or Read or do some Online Masterclass or maybe, I can do All of it.)
ফটোখন শ্বেয়াৰ কৰাৰ পাচতে তেখেতৰ প্ৰেমিকা তথা অভিনেত্ৰী পত্ৰলেখাই কেইবাটাও 'হাৰ্ট ইমোজী' দিয়া দেখা যায়। ইয়াৰ বিপৰীতে অভিনেতা সিদ্ধান্ত চতুৰ্বেদীয়ে 'শক্তিশালী খেলা' (Strong game) বুলি মতামত দিয়ে। শেহতীয়াকৈ অভিনেতা ৰাজকুমাৰ ৰাৱে তেখেতৰ জীৱনৰ সপোন সন্দৰ্ভত মত ব্যক্ত কৰা দেখা গৈছিল।
উল্লেখ্য যে, ২০১৯ বৰ্ষৰ দেৱালীৰ সময়ত মুক্তি লাভ কৰা ছবি 'Made In China'ত শেষবাৰৰ বাবে ডাঙৰ পৰ্দাত দেখা গৈছিল অভিনেতা ৰাওক। পৰৱৰ্তী সময়ত, 'Ludo', 'Roohi Afza' আৰু 'Chhalaang' নামে আন তিনিখন ছবিত দেখা যাব অভিনেতাগৰাকীক।
লগতে পঢ়কঃ অন্তিমখন ছবিৰ শ্বুটিং স্থলীত উঠা ফটো শ্বেয়াৰ কৰি নষ্টালজিক অভিনেত্ৰী নম্ৰতা