ETV Bharat / briefs

জালাহত সম্পন্ন হ’ল পোষণ মেলা

author img

By

Published : Sep 25, 2020, 4:57 PM IST

সজাগতা সভাৰ শুভাৰম্ভ কৰি জালাহ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিচিএম কিশোৰ তালুকদাৰে কয় যে, প্ৰসূতি সকলে প্ৰতি দিনে পুষ্টিকৰ খাদ্য খাব লাগে আৰু পুষ্টিকৰ খাদ্য পাবলৈ হ'লে আইৰণযুক্ত খাদ্য যেনে সেউজীয়া শাক পাচলি আদি খাবলৈ পৰামৰ্শ জনায় ।

Pushan mela at jalah
জালাহত পোষণ মেলা সম্পন্ন

বাক্সা, ২৫ ছেপ্টেম্বৰ: কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে ৰাজ্য চৰকাৰে ছেপ্টেম্বৰ মাহটো পৰিপুষ্টি মাহ হিচাপে পালন কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে । সেয়ে মাহটোৰ প্ৰথম সপ্তাহৰ পৰা নীতি আয়োগৰ "Block Transforming officers of NITI Adt Team" ৰ উদ্যোগত বাক্সা জিলাৰ জালাহ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ হাহচৰা(দাঙপাৰ) আৰু ৰূপহী (কুমগুৰী সংঘ)ত সজাগতা সভা অনুষ্ঠিত কৰা হয় ।

সজাগতা সভাৰ শুভাৰম্ভ কৰি জালাহ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিচিএম কিশোৰ তালুকদাৰে কয় যে, এগৰাকী প্ৰসূতিয়ে প্ৰতি দিনে পুষ্টিকৰ খাদ্য খাব লাগে আৰু পুষ্টিকৰ খাদ্য পাবলৈ হ'লে আইৰণ যুক্ত খাদ্য যেনে সেউজীয়া শাক পাচলি আদি খাব লাগিব ; যাতে কোনো শিশুৱে জন্ম পিছত পুষ্টিহীনতাত ভূগিব নালাগে । আজিৰ সুস্থ শিশু কাইলৈ হ’ব দেশৰ ভৱিষ্যত ।

সভাখনত উপস্থিত থাকে নিতি আয়োগৰ এডিটি দলৰ উদ্যোক্তা অনুপ চৌধুৰীৰ লগতে জালাহ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰিচাৰিকা ,আশাকৰ্মী, অংগনবাদী কৰ্মীকে ধৰি স্থানীয় মহিলা সকল ।

লগতে পঢ়ক: ভাৰত বন্ধৰ প্ৰভাৱ :ব্যতিক্ৰমী ৰূপত প্ৰতিবাদত বঢ়িল যোৰহাটৰ ব্যৱসায়ীও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.