ধুবুৰী, ২৩ চেপ্টেম্বৰ: ধুবুৰী জিলাৰ গৌৰীপুৰ থানাত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদন্তকাৰী শাখাই বুধবাৰে চলায় অভিযান ।
অভিযানত গৌৰীপুৰ থানাৰ আৰক্ষী বিষয়া সত্যজিৎ বৰঠাকুৰ আৰু নগৰৰ দ্বায়িত্বত থকা সহকাৰী উপ পৰিদৰ্শক আবুল কালাম আজাদক গ্ৰেপ্তাৰ কৰে । এক লাখ টকা উৎকোচ লৈ হাতেলোটে গ্ৰেপ্তাৰ হয় আৰক্ষীৰ লোক কেইজন ।
বৰ্তমানেও দুৰ্নীতি নিবাৰক শাখাই অব্যাহত ৰাখিছে তদন্ত। তদন্তৰ অন্তত আৰু ভয়াৱহ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে ।
লগতে পঢ়ক: কি উদ্দেশ্যৰে গণ সুৰক্ষা পাৰ্টীয়ে গঠন কৰিছিল ‘বিটিএডি আৰ্মী’?