কাকপথাৰ,১২মে' : দেওবাৰে কাকপথাৰৰ আলফাৰ যুদ্ধবিৰতি শিবিৰত ৰোৱেল ডেভল'পমেণ্ট ট্ৰাষ্ট প্ৰগেমৰ আচাম টিম আৰু অসম কাৰিকৰী উন্নয়ন মিচনৰ উদ্যোগত তামোলৰ ঢকুৱাৰে প্লেট প্ৰস্তুতকৰণৰ দুটাকৈ মেচিন স্থাপন কৰা হয় । কাকপথাৰৰ যুদ্ধবিৰতি শিবিৰত বলিন চেতিয়াই এই ক্ষুদ্ৰ উদ্যোগটোৰ শুভ উদ্বোধন কৰে । কাকপথাৰৰ যুদ্ধবিৰতি শিবিৰত স্থাপন কৰা এই শুভাৰম্ভণি অনুষ্ঠানত বিধায়কগৰাকীৰ সৈতে আৰ্ট অৱ লিভিঙৰ ভগ্নী সংগঠনৰ উত্তৰ পূবৰ পৰিচালিকা মৌচুমী শৰ্মা বৰপুজাৰী আলফা শিবিৰৰ কেদাৰসকল উপস্থিত থাকে ।
উল্লেখযোগ্য যে ,এই ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে ১০০ৰ পৰা ১৫০ নিবনুৱাই স্বাৱলম্বী হোৱাৰ লগতে বৃহত্তৰ অঞ্চলটোৰ নিবনুৱা যুৱক-যুৱতীয়ে উপকৃত হ'ব পৰাকৈ এক প্ৰশিক্ষণ শিবিৰৰো ব্যৱস্থা কৰা হ'ব বুলি মন্তব্য কৰে উদ্যোক্তাসকলে । ইফালে, দুটা মেচিনৰ দ্বাৰা দৈনিক ৮ ঘণ্টাত প্ৰায় ডেৰসহস্ৰাধিক ঢকুৱাৰ প্লেট প্ৰস্তুত কৰিব পাৰিব বুলি অনুষ্ঠানত উপস্থিত বিভাগীয় বিষয়া সকলে জানিবলৈ দিয়ে ।