ETV Bharat / briefs

বৃক্ষৰোপণ কৰি প্ৰতিপালনৰ দায়িত্ব লওক: ধেমাজি জিলা আছু

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ধেমাজি জিলা আছুৰ আহ্বান। গছ পুলি ৰুই তাক প্ৰতিপালন কৰা দায়িত্বও ল'ব লাগিব প্ৰতিজন আছু কৰ্মীৰ আৰু স্থানীয় ৰাইজে ।

author img

By

Published : Jun 5, 2020, 10:05 PM IST

ধেমাজি জিলা আছুৰ বৃক্ষৰোপন
ধেমাজি জিলা আছুৰ বৃক্ষৰোপন

ধেমাজি, ৫ জুন: বিশ্ব পৰিৱেশ দিৱস উপলক্ষে শুকুৰবাৰে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ধেমাজিতো সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ কৰ্মীৰ দ্বাৰা ৰোপণ কৰা হয় গছপুলি । ধেমাজি কাছাৰী ময়দানৰ চৌহদত বহু সংখ্যক গছপুলি ৰোপণ কৰে ধেমাজি আছুসহ জিলাখনৰ বিভিন্ন আঞ্চলিক সমিতিৰ কৰ্মীয়ে ।

ধেমাজি জিলা আছুৰ সভাপতি দীপক শৰ্মাই সকলো আছু কৰ্মী আৰু ৰাইজলৈ আহ্বান জনাই কয় যে, ৃকেৱল এটা দিনত বৃক্ষৰোপণ কৰিলেই নহয় ইয়াক প্ৰতিপালনো কৰিব লাগিব,সুৰক্ষা দিব লাগিব ৷ তেতিয়াহে প্ৰকৃতি সুৰক্ষিত হৈ থাকিব আৰু প্ৰকৃতি সুৰক্ষাৰ শ্ল'গান তেতিয়াহে বাস্তৱায়িত হ'ব ৷ ইফালে চৰকাৰলৈও আহ্বান জনাই সভাপতিগৰাকীয়ে কয় যে,বন ধবংসৰ জৰিয়তে কৰিব বিচৰা উন্নয়নৰ প্ৰয়োজন নাই ৷ প্ৰকৃতিৰ সৈতে সকলোকে সহাৱস্থান কৰি জীয়াই থকাৰ পৰিৱেশ সৃষ্টি কৰক ৷

লগতে পঢ়ক: মাহজোৰা প্ৰস্তুতিৰে যুৱকৰ পালন বিশ্ব পৰিৱেশ দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.