কাছাৰ, 10 জুন: দেওবাৰে বৰখলা সমষ্টিত চাইবাৰ ক্ৰাইম আৰু অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে ৰাইজে বাহিৰ কৰে এক শান্তি সমদল ৷ এই শান্তি মিচিল বাহিৰ কৰাৰ লগতে সমষ্টিটোৰ অপৰাধ জনিত কাৰ্যকলাপত জড়িত লোকসকলৰ বিৰুদ্ধে বৰখলা আৰক্ষী চকীত এখন এজাহাৰো দাখিল কৰে স্থানীয় লোকে ৷
শান্তি সমদলত অংশগ্ৰহণ কৰি প্ৰাক্তন বিধায়িক ৰুমি নাথে আৰক্ষীক চাইবাৰ ক্ৰাইমৰ ওপৰত অধিক গুৰুত্ব দিবলৈ অনুৰোধ জনায় ৷ লগতে এই অপৰাধত কেৱল এজন ব্যক্তি জড়িত নহয়, প্ৰকৃত দোষীক কৰায়ত্ব কৰি শাস্তি প্ৰদান কৰিবলৈও আৰক্ষীক অনুৰোধ কৰে প্ৰাক্তন বিধায়িকা ৰুমি নাথে ৷