ইছলামাবাদ,২০ ডিচেম্বৰ : 2002 চনত সংঘটিত ডেনিয়েল পাৰ্লৰ হত্যাৰ মূল অভিযুক্ত ওমৰ শ্বেখে এক পত্ৰত উল্লেখ কৰিছিল যে আমেৰিকাৰ সংবাদকৰ্মীৰ অপহৰণ কাণ্ডত সন্ত্ৰাসবাদী জড়িত আছিল ৷ উক্ত পত্ৰৰ ভিত্তিত এতিয়া সিদ্ধান্ত গ্ৰহণ কৰিব পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে ৷
পাৰ্লৰ অভিভাৱকৰ অধিবক্তা ফৈজল ছিদ্দিকীৰ মতে, শ্বেখে ২০১৯ ৰ ১৯ জুলাইত সিন্ধ উচ্চ ন্যায়ালয়ক হাতে লিখা পত্ৰখন অৰ্পণ কৰিছিল বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছিল ৷
পত্ৰখনত শ্বেখে দাবী কৰা অনুসৰি মাত্ৰাধিক হেঁচা প্ৰয়োগ কৰাৰ বাবে তেওঁক কৰায়ত্ত কৰা হৈছিল ৷ কিয়নো সেই সময়ত বিষয়টোত আমেৰিকাই হেঁচা প্ৰয়োগ কৰিছিল ৷ কিন্তু প্ৰকৃত অভিযুক্ত কৰাচীৰ সন্ত্ৰাসবাদী আতাউৰ ৰহমানহে আছিল ৷ ন্যায়ালয়ে ৪ জানুৱাৰীত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিব ৷
উল্লেখ্য যে, পাৰ্ল দক্ষিণ আফ্ৰিকাৰ দ্য ৱাল ষ্ট্ৰীট জাৰ্ণেলৰ মুখ্য সংবাদদাতা আছিল ৷ পাৰ্লক ২০০২ ৰ জানুৱাৰীত ধৰ্মীয় বৈষম্যৰ বিষয়ত গৱেষণা কৰি থকাৰ বাবে কৰাচীৰ পৰা অপহৰণ কৰা হৈছিল ৷ পৰৱৰ্তী সময়ত এক গ্ৰাফিকছ ডিজাইন কৰা অপহৰণৰ ভিডিঅ’ আমেৰিকাৰ দূতাবাসলৈ প্ৰেৰণ কৰা হৈছিল ৷ ইয়াৰ পিছত ট্ৰায়েল ক’ৰ্টে শ্বেখক দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডৰ ৰায়দান দিছিল ৷
লগতে পঢ়ক : কাবুলত কাৰ বোমা বিস্ফোৰণ : নিহত 8, আহত 15