গুৱাহাটী,২৯মে' : বুধবাৰে উত্তৰ গুৱাহাটীৰ বিহলঙনীত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় । বন্ধুৱে বন্ধুক হত্যা কৰা ঘটনা সন্দৰ্ভত উত্তৰ গুৱাহাটীৰ এটা পৰিয়ালত স্থানীয় ৰাইজে ওলোমাই তলা ।
ঘটনা অনুসৰি, দেওবাৰে উত্তৰ গুৱাহাটীৰ মিন্টু চমুৱা নামৰ ষষ্ঠ শ্ৰেনীৰ ছাত্ৰজনক বন্ধু ওচৰৰে বন্ধু এজনে গা ধুবলৈ মাতি নি হত্যা কৰি মিন্টুক পেলাই থৈ গৈছিল দ-খাৱৈত । ছাত্ৰজনৰ মৃতদেহ ৰহধলা পথাৰৰ দ-খাৱৈত উদ্ধাৰ হোৱাৰ পাছতেই অঞ্চলটোত উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছিল । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ গৈছিল । অৱশেষত বুধবাৰে মৃতদেহ মৰণোত্তৰ পৰীক্ষা আৰু আৰক্ষীৰ তদন্তত বন্ধুজনে মিন্টুক হত্যা কৰা ঘটনা নিশ্চিত হৈ পৰে । ইয়াৰ পাছতে উত্তৰ গুৱাহাটীবাসী উত্তপ্ত হৈ পৰি হত্যাকাৰী বন্ধুজনৰ ঘৰত তলা ওলোমাই । অঞ্চলবাসীয়ে মিন্টুৰ ন্যায় বিচাৰি দাবী উত্থাপন কৰে । বৰ্তমানেও মিন্টুক হত্যা কৰা কাৰণ জানিব পৰা নাই যদিও তদন্তৰ বাবে আৰক্ষীয়ে আটক কৰে মিন্টুৰ বন্ধুজনক ।