বিশ্বনাথ, ১ অক্টোবৰঃ বিশ্বনাথ জিলাৰ নৱনিযুক্ত উপায়ুক্ত হিচাপে অসম অসামৰিক সেৱাৰ জ্যেষ্ঠ বিষয়া প্ৰনব কুমাৰ শৰ্মাই বৃহস্পতিবাৰে কাৰ্যভাৰ গ্ৰহণ কৰে। উপায়ুক্তৰ সভাকক্ষত আয়োজিত এক বিশেষ অনুষ্ঠানত বিদায়ী উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসৰ পৰা জিলাখনৰ প্ৰশাসনীয় মূৰব্বীৰ দায়িত্ব গ্ৰহণ কৰি নৱাগত উপায়ুক্তগৰাকীয়ে অনাগত দিনবোৰত প্ৰশাসনৰ কাম-কাজ সুকলমে চলোৱাৰ ক্ষেত্ৰত জিলাখনৰ প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীৰে সহায়-সহযোগিতা কামনা কৰে ।
বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ত্ৰিপুৰেন্দ্ৰ পাটৰৰ সঞ্চালনাত অনুষ্ঠিত আজিৰ সভাত নতুন উপায়ুক্তগৰাকীক আদৰণি জনোৱাৰ লগতে বিদায়ী উপায়ুক্তগৰাকীক আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনাও জনোৱা হয় । নাজিৰ বাবুল বৰাই আঁত ধৰা সভাখনত বিদায় সম্বৰ্ধনা গ্ৰহণ কৰি আগবঢ়োৱা আৱেগিক ভাষণত বিদায়ী উপায়ুক্তগৰাকীয়ে নিজৰ দহ মহীয়া কাৰ্যকালত আগবঢ়োৱা সহযোগিতাৰ বাবে উপায়ুক্তৰ কাৰ্যালয় আৰু বিভিন্ন বিভাগসমূহৰ প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীকে ধন্যবাদ জ্ঞাপন কৰে।
উল্লেখ্য যে, নতুনকৈ গঠন হোৱা জিলাখনত দায়িত্বভাৰ গ্ৰহণ কৰিয়েই 'কা' আন্দোলন, ক'ভিড-১৯ মহামাৰীৰ দৰে অতি স্পৰ্শকাতৰ সময়ছোৱাত দক্ষতাৰে সেৱা আগবঢ়োৱা বিদায়ী উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসক জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে বিভিন্ন চৰকাৰী বিভাগৰ তৰফৰ পৰা ফুলাম গামোচা, শৰাই, আদি বিভিন্ন উপহাৰেৰে বিদায় জনোৱাৰ লগতে নৱনিযুক্ত উপায়ুক্তগৰাকীকো বিপুল আদৰণি জনোৱা হয় ।
অতিৰিক্ত উপায়ুক্তদ্বয় মনোৰঞ্জন পায়েং, কুলদীপ হাজৰিকা, চক্ৰ বিষয়া বিশ্বজিৎ শইকীয়া, নিৰ্বাচনী বিষয়া আবুল কালাম, সহকাৰী আয়ুক্ত অনন্যা লহকৰ প্ৰমুখ্যে বিষয়াবৰ্গ আৰু কৰ্মচাৰীসকল উপস্থিত থকা সভাখনত অতিৰিক্ত উপায়ুক্ত মনোৰঞ্জন পায়েং, সহকাৰী আয়ুক্ত ত্ৰিলিনা টাইড, ভূমি অধিগ্ৰহণ বিভাগৰ অবসৰপ্ৰাপ্ত বিষয়া হিতেশ্বৰ দাস, উপায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰী আব্দুল চৈয়দ প্ৰমুখ্যে জিলাখনৰ বহুকেইগৰাকী বিষয়া আৰু কৰ্মচাৰীয়ে বিদায়ী উপায়ুক্তগৰাকীৰ লগত কাম কৰা সময়ৰ অভিজ্ঞতা ৰোমণ্ঠন কৰি বক্তব্য প্ৰদান কৰে।
লগতে পঢ়ক: বিলাসীপাৰাত অসম আৰক্ষী দিৱস উপলক্ষে পথচাৰীক মাক্স বিতৰণ