ETV Bharat / briefs

কি হ'ব প্ৰধানমন্ত্ৰী অ'লিৰ ৰাজনৈতিক ভৱিষ্যৎ ?

author img

By

Published : Jul 8, 2020, 6:10 PM IST

পুনৰ শুকুৰবাৰলৈ স্থগিত ৰখা হ'ল নেপালৰ কমিউনিষ্ট দলৰ বৈঠক। শুকুৰবাৰে নিৰ্ধাৰণ হ'ব কে পি শৰ্মা অ'লিৰ ৰাজনৈতিক ভৱিষ্যৎ।

নেপাল
Nepal: NCP's crucial meet to decide PM's future deferred again

নিউজ ডেস্ক, ৮ জুলাইঃ বুধবাৰে পুনৰ স্থগিত ৰখা হ'ল নেপালৰ শাসনাধিষ্টিত কমিউনিষ্ট দলৰ বৈঠক। নেপালৰ ৰাজনৈতিক অস্থিৰতাৰ বাবে ইখনৰ পাছত আনখন বৈঠক স্থগিত ৰখা হৈছে । প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ'লিৰ ৰাজনৈতিক ভৱিষ্যৎ সন্দৰ্ভত বুধবাৰে অনুষ্ঠিত হ'বলগীয়া বৈঠকখন শুকুৰবাৰে অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে । আজি দলটোৰ ৪৫ গৰাকী সদস্যৰ শক্তিশালী স্থায়ী কমিটিৰ বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল । কিন্তু বৰ্তমানলৈকে জানিব পৰা হোৱা নাই আজি অনুষ্ঠিত হ'বলগীয়া বৈঠকখন স্থগিত ৰখাৰ কাৰণ।

বিগত সপ্তাহত শাসনাধিষ্ঠিত দলটোৰ শীৰ্ষ নেতাসকলে প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ'লিৰ পদত্যাগৰ দাবী জনাইছিল । প্ৰধানমন্ত্ৰীগৰাকীয়ে শেহতীয়াভাৱে কৰা ভাৰত বিৰোধী মন্তব্য তথা তেখেতৰ ৰাজনৈতিক তথা কূটনৈতিকভাৱে উপযুক্ত নহয় বুলি শীৰ্ষ নেতাসকলে অভিযোগ উত্থাপন কৰি তেখেতৰ পদত্যাগৰ দাবী তুলিছিল ।

উল্লেখ্য যে, দেওবাৰে নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ'লিৰ সৈতে বৈঠকত মিলিত হৈছিল নেপাল কমিউনিষ্ট দলৰ শীৰ্ষ নেতা পুস্প কমল দাহাল প্ৰচণ্ডে । কিন্তু কোনো সমাধান নোহোৱাকৈয়ে এই বৈঠকৰ অন্ত পৰিছিল বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.