ETV Bharat / briefs

মেপ সলনি কৰাৰ সংবিধান সংশোধনী বিধেয়কত স্বাক্ষৰ নেপালৰ ৰাষ্ট্ৰপতিৰ - লিপুলেখ কালাপানী আৰু লিংপিয়াধুৰা

নেপালৰ মেপত অনুৰ্ভুক্ত হ'ল লিপুলেখ,কালাপানী তথা লিংপিয়াধুৰা নামে তিনিখন গুৰুত্বপূৰ্ণ ভাৰতীয় ক্ষেত্ৰ।

Nepal President
Nepal President approves controversial bill concerning new map
author img

By

Published : Jun 19, 2020, 3:28 PM IST

ইণ্টাৰনেশ্বনেল ডেস্ক,১৯ জুনঃ নেপালৰ ৰাষ্ট্ৰপতি বিদ্যা দেৱী ভাণ্ডাৰীয়ে বৃহস্পতিবাৰে দেশৰ নতুন ৰাজনৈতিক মেপ সলনি কৰাৰ বাবে সংবিধান সংশোধনী বিধেয়কত স্বাক্ষৰ কৰে। য'ত অন্তৰ্ভুক্ত হৈছে তিনিখন গুৰুত্বপূৰ্ণ ভাৰতীয় ক্ষেত্ৰ।

Nepal President approves controversial bill concerning new map
মেপ সলনি কৰাৰ সংবিধান সংশোধনী বিধেয়কত স্বাক্ষৰ নেপালৰ ৰাষ্ট্ৰপতিৰ

এই সংশোধনী বিধেয়কত স্বাক্ষৰ কৰাৰ কিছু সময় পূৰ্বে নেপালৰ সংসদে ইয়াৰ অনুমতি প্ৰদান কৰিছিল। নেপালৰ এই পদক্ষেপে ভাৰতৰ সৈতে নেপালৰ দ্বিপাক্ষিক সম্বন্ধত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে।

নেপালৰ মানচিত্ৰ সলনি কৰা আৰু লিপুলেখ,কালাপানী তথা লিংপিয়াধুৰা নামে এই তিনিখন ভাৰতীয় ক্ষেত্ৰক নেপালৰ মেপত অন্তৰ্ভুক্ত কৰা সংবিধান সংশোধনী বিধেয়কক নেপালী সংসদৰ নিম্ন সদনে 'অমান্য' (Invalid) আৰু 'কৃত্ৰিম প্ৰসাৰ' (Artificial extension) বুলি উল্লেখ কৰিছিল।

২০১৯ বৰ্ষৰ নৱেম্বৰত ভাৰতে এখন নতুন মেপ জাৰি কৰিছিল। ইয়াৰ প্ৰায় ৬ মাহ পাছত নেপালে বিগত মাহত দেশৰ সংশোধিত ৰাজনৈতিক আৰু প্ৰশাসনিক মেপ জাৰি কৰি ভাৰতৰ এই তিনিখন গুৰুত্বপূৰ্ণ ক্ষেত্ৰক নিজৰ বুলি দাবী কৰিছিল। ৰাষ্ট্ৰপতি ভাণ্ডাৰীৰ কাৰ্যালয়ৰ পৰা জাৰী কৰা জাননি অনুসৰি বৃহস্পতিবাৰে বিয়লিৰ ভাগত বিধেয়কখনত সাংবিধানিক নিয়ম অনুসৰি স্বাক্ষৰ কৰে।

লগতে চাওকঃ চীনৰ সৈতে ব্যৱসায়ীক সম্পৰ্ক ছেদ কৰাৰ ইংগিত ড'নাল্ড ট্ৰাম্পৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.