ETV Bharat / briefs

এনচিপিৰ অন্তৰ্কন্দলঃ নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠক দলৰ শীৰ্ষ নেতাৰ

author img

By

Published : Jul 5, 2020, 8:27 PM IST

দেওবাৰে পুৱাৰ ভাগত প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ'লিক সাক্ষাৎ কৰাৰ বাবে দলৰ শীৰ্ষ নেতা প্ৰচণ্ডে বালুৱাটাৰস্থিত তেখেতৰ চৰকাৰী বাসভৱনলৈ যায় । প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি নেপালৰ কমিউনিষ্ট দলৰ নেতাসকলৰ মাজত আভ্যন্তৰীণ কণ্ডল সন্দৰ্ভত আলোচনা কৰে।

Nepal PM
Nepal PM, Prachanda talks end without conclusion, next meet tomorrow

নিউজ ডেস্ক, ৫ জুলাইঃ দেওবাৰে নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ'লিৰ সৈতে বৈঠকত মিলিত হয় নেপাল কমিউনিষ্ট দলৰ উপ-সভাপতি পুস্প কমল দহাল প্ৰচণ্ডে। কিন্তু কোনো সমাধান নোহোৱাকৈয়ে এই বৈঠকৰ অন্ত পৰে বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে। হিমালয়ান টাইমচ্ত প্ৰকাশিত বাতৰি অনুসৰি সোমবাৰে পুৱা পুনৰ দলৰ নেতাসকলে বৈঠকত মিলিত হ'ব বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, নেপালৰ প্ৰধানমন্ত্ৰীৰ পদত্যাগক লৈ চলি থকা চৰ্চাৰ মাজতে বৃহস্পতিবাৰে শাসনাধিষ্ঠিত দলটোৰ উপ-সভাপতি প্ৰচণ্ডে ৰাষ্ট্ৰপতি বিদ্যা দেৱী ভাণ্ডাৰীৰ সৈতে বৈঠকত মিলিত হৈছিল । ইয়াৰ পাছতে দেওবাৰে পুৱাৰ ভাগত প্ৰধানমন্ত্ৰী অ'লিক সাক্ষাৎ কৰাৰ বাবে নেতাগৰাকীয়ে বালুৱাটাৰস্থিত তেখেতৰ চৰকাৰী বাসভৱনলৈ যায়। প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি নেপালৰ কমিউনিষ্ট দলৰ নেতাসকলৰ মাজত আভ্যন্তৰীণ কণ্ডল সন্দৰ্ভত আলোচনা কৰে ।

উল্লেখ্য যে, বিগত মঙলবাৰে শাসনাধিষ্ঠিত দলটোৰ শীৰ্ষ নেতাসকলে প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ'লিৰ পদত্যাগৰ দাবী জনাইছিল । প্ৰধানমন্ত্ৰীগৰাকীয়ে শেহতীয়াভাৱে কৰা ভাৰত বিৰোধী মন্তব্য তথা তেখেত ৰাজনৈতিক তথা কূটনৈতিকভাৱে উপযুক্ত নহয় বুলি শীৰ্ষ নেতাসকলে অভিযোগ উত্থাপন কৰি তেখেতৰ পদত্যাগৰ দাবী তুলিছিল । কিন্তু প্ৰধানমন্ত্ৰীয়ে এয়া তেখেতৰ বিৰুদ্ধে ষড়যন্ত্ৰ বুলি উল্লেখ কৰিছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.