ETV Bharat / briefs

নেপালত বানৰ তাণ্ডৱঃ ২ জন নিহত,২০ গৰাকী সন্ধানহীন

author img

By

Published : Jul 10, 2020, 12:27 PM IST

বিগত বৰ্ষতো প্ৰলয়ংকাৰী বানৰ ফলত নেপালৰ বহু অঞ্চলৰ লোকে যথেষ্ট ক্ষয়-ক্ষতিৰ সম্মুখীন হৈছিল। বানৰ ফলত ৭৮ গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ লগতে নেপালৰ দক্ষিণ প্ৰান্তত ৰাষ্ট্ৰীয় ঘাইপথ খহি যোৱাৰ বাতৰি পোৱা গৈছিল।

Nepal Flood: 2 dead, 20 missing

নিউজ ডেস্ক, ১০ জুলাইঃ অসমৰ সমান্তৰালকৈ নেপালতো দেখা গৈছে বানৰ তাণ্ডৱ। ৰাজ্যখনত বিভিন্ন জিলাত কেইবাদিনো ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত বানত প্লাৱিত হৈছে বহু অঞ্চল। নেৰানেপেৰা বপষুণৰ ফলত বৃদ্ধি পাইছে নৈ-উপনৈসমূহৰ পানী । চুবুৰীয়া ৰাজ্যখনত বিশেষকৈ সিন্ধুপালচোক জিলাত বানৰ অধিক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে বানৰ ফলত ২ গৰাকী লোক নিহত হোৱাৰ বিপৰীতে সন্ধানহীন হৈ আছে ২০ গৰাকীকৈ লোক। তদুপৰি, বানৰ ফলত কেইবাটাও পৰিয়ালৰ বাসগৃহ উটি যোৱা বুলি জানিব পৰা গৈছে।

নেপালত বানৰ তাণ্ডৱঃ ২ জন নিহত,২০ গৰাকী সন্ধানহীন

উল্লেখ্য যে, বিগত বৰ্ষতো প্ৰলয়ংকাৰী বানৰ ফলত নেপালৰ বহু অঞ্চলৰ লোকে যথেষ্ট ক্ষয়-ক্ষতিৰ সম্মুখীন হৈছিল। বিগত বৰ্ষত টেৰাই অঞ্চল আৰু কাঠমাণ্ডুৰ বৃহত্তৰ অঞ্চল বানত ডুব গৈছিল। ১১ জুলাইৰ পৰা আৰম্ভ হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বহু পৰিয়ালৰ ঘৰ-দুৱাৰ উটি যোৱাৰ লগতে, বহু হেক্তৰ কৃষিভূমি আৰু পশুধনৰ ক্ষতি হৈছিল। বানৰ ফলত ৭৮ গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ লগতে নেপালৰ দক্ষিণ প্ৰান্তত ৰাষ্ট্ৰীয় ঘাইপথ খহি যোৱাৰ বাতৰি পোৱা গৈছিল।

লগতে চাওকঃ অসম চিকিৎসা মহাবিদ্যালয়ত কোভিড-19 ত আক্ৰান্ত ব্যক্তিৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.