নিউজ ডেস্ক, ১০ জুলাইঃ তেলেগু চুপাৰষ্টাৰ মহেশ বাবুৰ পত্নী নম্ৰতা শিৰোডকাৰে বৃহস্পতিবাৰে ইনষ্টাগ্ৰামযোগে শ্বেয়াৰ কৰে এখন বিশেষ ফটো। তেখেতৰ অন্তিমখন ছবি 'Bride & Prejudice'ৰ শ্বুটিং স্থলীত উঠা 'শেষৰখন ফটো' শ্বেয়াৰ কৰে অভিনেত্ৰী নম্ৰতাই।
"Bride & Prejudice ছবিখন মোৰ অন্তিম ছবি। ছবিখনৰ শ্বুটিঙৰ সময়ত প্ৰতিটো মুহুৰ্তই মই উপভোগ কৰিছো। ছবিখনৰ লগত মোৰ বহু স্মৃতি জড়িত হৈ আছে " বুলি ইনষ্টাগ্ৰামযোগে উল্লেখ কৰে নম্ৰতা শিৰোডকাৰে। লগতে, ছবিখনৰ পৰিচালক গুৰিন্দৰ চাধা, ছবিখনৰ মুখ্য অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চন, চিনেমাটোগ্ৰাফাৰ সন্তোষ চিভান, অভিনেতা অনুপম খেৰ আদি সকলোকে ধন্যবাদ জ্ঞাপন কৰে তেওঁ।
২০১৪ বৰ্ষতে মুক্তি লাভ কৰিছিল গুৰিন্দৰ চাধাৰ পৰিচালনাত নিৰ্মিত ছবি 'Bride & Prejudice'। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ঐশ্বৰ্য ৰায় বচ্চন, মাৰ্টিন হেণ্ডাৰচন, নবীন এন্দ্ৰউজ, সোণালী কুলকাৰ্ণী, নদিৰা বব্বৰ আৰু অনুপম খেৰে।
উল্লেখ্য যে, ২০০০ বৰ্ষত টেলেগু হিট ছবি 'ভামচি' (Vamsi)ৰ শ্বুটিংস্থলীত মহেশ বাবুক লগ পাইছিল নম্ৰতা শিৰোডকাৰ। ইয়াৰ পাচত ২০০৫ বৰ্ষত মহেশ আৰু নম্ৰতা বিবাহ পাশত আবদ্ধ হৈছিল। ২০০৬ বৰ্ষত তেওঁলোকৰ প্ৰথম সন্তান গৌতম আৰু ২০১২ বৰ্ষত দ্বিতীয় সন্তান চিটাৰাৰ জন্ম হৈছিল।