চিটাৰা ডেস্ক, ১৮ জুন : অভিনেতা সুশান্ত সিং ৰাজপুটৰ আত্মহত্যাৰ ৰহস্য সন্দৰ্ভত ইতিমধ্যে মুম্বাই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু এতিয়ালৈকে আৰক্ষীয়ে ১০ গৰাকীৰো অধিক ব্যক্তিৰ সোধ-পোচ সম্পূৰ্ণ কৰা বুলি জানিব পৰা গৈছে । আৰক্ষীৰ সূত্ৰৰ জনোৱা মতে,ঘটনা সন্দৰ্ভত বলিউডৰ ৫ গৰাকী নামজ্বলা প্ৰযোজকক সোধ-পোচ কৰা হ'ব । লগতে,বান্দ্ৰা আৰক্ষীয়ে সুশান্তৰ ভাল বান্ধৱী ৰিয়া চক্ৰৱৰ্তীৰ ইতিমধ্যে সোধ-পোচ আৰম্ভ কৰিছে । তেওঁ পুৱা প্ৰায় ১১.৩০ বজাত আৰক্ষী থানাত উপস্থিত হয় ।
আৰক্ষীয়ে সুশান্তৰ ভাল বন্ধু ৰিয়া চক্ৰৱৰ্তী আৰু মহেশ শেট্টীক এই ঘটনা সন্দৰ্ভত অৱগত কৰিছিল । ইয়াৰ লগতে আৰু কিছু সংখ্যক লোকক সোধ-পোচ কৰা হ'ব । মুম্বাই আৰক্ষীয়ে সুশান্তৰ মোবাইল ফোন আৰু লেপটপ খুলিবলৈ সক্ষম হয় ।
আনহাতে, বুধবাৰে বলিউডৰ কাষ্টিং নিৰ্দেশক মুকেশ চাব্ৰাৰ মতামত গ্ৰহণ কৰে আৰক্ষীয়ে । চাব্ৰা সুশান্তৰ সৈতে ভাল সম্পৰ্কত আছিল বুলি জানিবলৈ দিয়ে । আৰক্ষীয়ে সুশান্তৰ মানসিক অশান্তিৰ ৰহস্য উদঘাটন কৰিবলৈ চেষ্টা চলাই আছে । সম্প্ৰতি আৰক্ষীয়ে সুশান্তৰ পৰিয়ালসহ অন্য ১০ গৰাকী ব্যক্তিৰ মতামত লবলৈ সক্ষম হৈছে ।
সূত্ৰ অনুসৰি, আৰক্ষীয়ে প্ৰডাকচন হাউচৰ মানুহকো সোধ-পোচৰ বাবে জেৰা কৰিব পাৰে । সুশান্তৰ পিতৃ-মাতৃ আৰু পৰিয়াল আত্মহত্যাৰ আঁৰৰ ৰহস্য সম্পৰ্কে অজ্ঞাত বুলি পিতৃ কে কে সিঙে আৰক্ষীক জানিবলৈ দিয়ে ।
লগতে পঢ়ক: এধানি সহায়ৰ বাবে বাট চাই ৰৈছে বাক্সাৰ এটা পৰিয়ালে