মৰিগাঁও, ২৩ ছেপ্টেম্বৰ: মৰিগাঁও জিলা আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী উমচ্যুৱাইত বুধবাৰে সংঘটিত হৈছে এক শোকাৱহ ঘটনা।
বুধবাৰে দুপৰীয়া পশ্চিম কাৰ্বি আংলং আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম কাৰ্বি আংলং আৰু মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী উমচ্যুৱাইত দুই শিশুৰ সলিল সমাধি ঘটে ৷ পাহাৰীয়া খৰস্ৰোতা নৈ উমিয়ামত গা ধুবলৈ গৈ পানীত ডুবি মৃত্যু হয় শিশু দুটিৰ ৷ মৃত্যু হোৱা শিশু দুটি ক্ৰমে জেফ্ৰি মাইম্বাহ(৮) আৰু হেবয়াল মাইম্বাহ(৬) বুলি জানিব পৰা গৈছে । ফুলকুমলীয়া দুই শিশুৰ অকাল মৃত্যুত সীমান্তৱৰ্তী অঞ্চলটোত পৰিছে গভীৰ শোকৰ ছাঁ ।
লগতে পঢ়ক: নগাঁও আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ মাফিয়া মামা