ETV Bharat / briefs

বিহালীত মন্ত্ৰী ৰঞ্জিত দত্ত আধাৰশিলা স্থাপন - Cabinet Minister Ranjit Dutta

অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই বিহালী সমষ্টিত বুধবাৰে স্থাপন কৰে বহু কেইটা আধাৰশিলা ৷

Minister Ranjit Dutt lays foundation stone in Bihali
author img

By

Published : Dec 16, 2020, 10:54 PM IST

বিশ্বনাথ, ১৫ ডিচেম্বৰ : বুধবাৰে বিহালী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই বিহালী সমষ্টিৰ খৰাশিমলু গাঁও পঞ্চায়ত অন্তৰ্গত বহু কেইখন চৰকাৰী আঁচনিৰ কামৰ শুভাৰম্ভ কৰে । মন্ত্ৰী গৰাকীয়ে সমষ্টিটো গড়কাপ্তানি বিভাগৰ অধীনত এখন পকী দলঙৰ কাম আৰু বিধায়ক উন্নয়ন পুঁজিৰ অধীনত খৰাশিমলু গাঁও পঞ্চায়তৰ বিভিন্ন স্থানত তিনিটা কামৰ শুভাৰম্ভ কৰে।

বিধায়ক তথা মন্ত্ৰী গৰাকীয়ে মহাবীৰ লাচিত চিলাৰায় সেঁতু নিৰ্মাণ আচঁনিৰ অধীনত মিজিকা হাটখোলা লাইনৰ পৰা কপাছবাৰী পথৰ ১/১ নং প্ৰায় ১.৮৪ কোটি টকাৰ এখন পকী দলং নিৰ্মাণ, খৰাশিমলু উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৫ লাখ টকাৰ বিদ্যালয় চৌহদ সীমাৰ পকীবেৰ নিৰ্মাণৰ, পশ্চিম ঘোৰামাৰী প্ৰাথমিক বিদ্যালয়ৰ ৩ লাখ টকা সমূহীয়া ভৱন, ক’লাপানী গাঁৱৰ বাথৌ মন্দিৰৰ কাষত ৩ লাখ টকা ব্যয়েৰ সমূহীয়া ভৱন, আৰু পঞ্চায়ত পুঁজি চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত পুনৰ খৰাশিমলু উচ্চ মাধ্যমিক বিদ্যালয়ৰ সীমাৰ পকীবেৰ নিৰ্মাণ বাবত ২ টকা আৱন্টন দি আটাইকেইটা কামৰ শুভাৰম্ভ কৰে বুধবাৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.