বাইহাটা, ২৬ জুন : বাইহাটা চাৰিআলিৰ পূব কামৰূপ মহাবিদ্যালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা শুকুৰবাৰে পলায়নৰ চেষ্টা কৰে এজন লোকে । উল্লেখ্য যে, গুটখা কিনিবলৈ যোৱাৰ চলেৰে লোকজনে পলায়ণৰ চেষ্টা চলোৱা বুলি জানিব পৰা গৈছে ।
![বাইহাটা কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলায়নৰ চেষ্টা এজনৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/03:22:03:1593165123_slug-baihataquwarentinewantescape_26062020133203_2606f_1593158523_284.png)
ইয়াৰ পিছতে হুৱা-দুৱাৰ সৃষ্টি হয় কোৱাৰেণ্টাইন কেন্দ্ৰটোৰ লগতে সমগ্ৰ অঞ্চলটোত । অৱশেষত স্থানীয় ৰাইজৰ সহযোগত কৰ্তব্যৰত আৰক্ষীয়ে লোকজনক কৰায়ত্ব কৰি পুনৰ কোৱাৰেণ্টাইন কেন্দ্ৰৰ ভিতৰত সুমুৱাই দিয়ে ।
লগতে পঢ়ক : গোলাঘাটত আৰম্ভ ক'ৰণাৰ গণ সংক্ৰমণ