গুৱাহাটী,১১মে': শনিবাৰে গুৱাহাটী মহানগৰীৰ মালিগাঁৱত ৰেল বিভাগৰ উচ্ছেদকলৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ৰেল বিভাগৰ মাটিত থকা শ্ৰীশ্ৰী দক্ষিণা মা কালি মন্দিৰত উচ্ছেদ চলাইছিল ৰেল বিভাগে। যাৰ বাবে স্থানীয় ৰাইজ আৰু মন্দিৰ সমিতিৰ লগত ৰেল বিভাগৰ দলটোৰ বাক-বিতণ্ডাৰ সৃষ্টি হয়। মন্দিৰ পৰিচালনা সমিতিৰ মত অনুসৰি উচ্ছেদ অভিযানৰ বাবে বিভাগৰ পৰা কোনো জাননী দিয়া হোৱা নাছিল মন্দিৰ সমিতিক। ইয়াৰ পূৰ্বেও মন্দিৰ প্ৰাংগণত উচ্ছেদ চলোৱা হৈছিল। প্ৰতিবাৰে ৰাইজৰ সহযোগত নিৰ্মাণ কৰা মন্দিৰটো এনেদৰে ভাঙি পেলোৱাত ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ। ইতিমধ্যেই মন্দিৰ চৌহদৰ পানী যোগান, বিদুৎ সংযোগ কৰ্তন কৰে ৰেল বিভাগে। ইফালে, ৪০ বছৰ পুৰণি মন্দিৰটো পূৰ্বৰ পৰা একে স্থানতে আছে বুলি মন্দিৰ পৰিচালনা সমিতিয়ে মন্তব্য কৰি কয় মালিগাঁৱত বহু অবৈধ মন্দিৰ আছে,যদি এই মন্দিৰটো উচ্ছেদ কৰা হয় তেন্তে অন্য ঠাইৰ অবৈধ মন্দিৰো উচ্ছেদ কৰিব লাগিব।
মালিগাঁৱত ৰেল বিভাগৰ উচ্ছেদকলৈ উত্তপ্ত পৰিস্থিতি - শ্ৰী শ্ৰী দক্ষিণা মা কালি মন্দিৰ
গুৱাহাটী মহানগৰীৰ মালিগাঁৱৰ ৪০ বছৰ পুৰণি শ্ৰীশ্ৰী দক্ষিণা মা কালি মন্দিৰত ৰেল বিভাগে উচ্ছেদ চলোৱাৰ বাবে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ