ETV Bharat / briefs

মালিগাঁৱত মহাত্মা গান্ধী গ্লবেল পীছ ফৰামৰ শান্তি সমদল

author img

By

Published : Oct 2, 2020, 9:38 PM IST

মহাত্মা গান্ধী গ্লবেল পীছ ফৰামৰ উদ্যোগত মালিগাঁও ৰে'লৱে ষ্টেডিয়ামৰ সমীপৰ পৰা উলিওৱা হয় এক শান্তিৰ সমদল । লগতে জাতিৰ পিতা মহাত্মা গান্ধীৰ জীৱন প্ৰণালী আৰু আদৰ্শ সন্দৰ্ভত এক বক্তৃতা অনুষ্ঠানো অনুষ্ঠিত হয় ।

Maligaon peace rally
মালিগাঁৱত মহাত্মা গান্ধী গ্লবেল পীছ ফৰামৰ শান্তি সমদল

গুৱাহাটী, ২অক্টোবৰ: গান্ধী জয়ন্তী উপলক্ষে শুকুৰবাৰে মহানগৰীৰ মালিগাঁৱত অনুষ্ঠিত হয় এক বিশেষ অনুষ্ঠান । মহাত্মা গান্ধী গ্লবেল পীছ ফৰামৰ উদ্যোগত মালিগাঁও ৰে'লৱে ষ্টেডিয়ামৰ সমীপৰ পৰা উলিওৱা হয় এক শান্তিৰ সমদল । লগতে জাতিৰ পিতা মহাত্মা গান্ধীৰ জীৱন প্ৰণালী আৰু আদৰ্শ সন্দৰ্ভত এক বক্তৃতা অনুষ্ঠানো অনুষ্ঠিত হয় ।

অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত হৈ জাতিৰ পিতা মহাত্মা গান্ধীক স্মৰণ কৰে । ইফালে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখন চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় । প্ৰতিযোগিতাত বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰা হয় । উল্লেখ্য যে মহাত্মা গান্ধী গ্ল’বেল পীছ ফৰামে প্ৰতিবছৰে গান্ধী জয়ন্তীত এনেদৰেই সমাজত শান্তি প্ৰতিষ্ঠাৰ হকে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰে । কিন্তু এইবাৰ কৰ'ণা মহামাৰীৰ বাবে অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰে গান্ধী জয়ন্তীৰ কাৰ্যসূচী ।
লগতে পঢ়ক: স্বচ্ছ চহৰ হিচাপে সন্মান লাভ কৰা তেজপুৰ চহৰত পুতিগন্ধময় পৰিবেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.