ETV Bharat / briefs

বৈষ্ণৱ ছাত্ৰৰ চুলি কটা ঘটনাৰ তিনিদিন অতিক্ৰম কৰাৰ পাচতো মাৰ যোৱা নাই চাঞ্চল্য

মাজুলীৰ আউনীআটী হেমচন্দ্ৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰশান্ত দোলাকাষৰীয়াৰ বিৰুদ্ধে ক্ষুব্ধ স্থানীয় ৰাইজ ৷ শিক্ষকগৰাকীক গ্ৰেপ্তাৰৰ দাবীত সোমবাৰে ছাত্ৰ সন্থাই পালন কৰিলে ক'লা দিন ৷

প্ৰধান শিক্ষকক গ্ৰেপ্তাৰৰ দাবীত ছাত্ৰ সন্থাৰ ক'লা দিৱস
author img

By

Published : Apr 29, 2019, 7:28 PM IST

Updated : Apr 29, 2019, 9:42 PM IST

দেওবাৰে আউনীআটী সত্ৰৰ এখন সভাত প্ৰধান শিক্ষক প্ৰশান্ত দোলাকাষৰীয়াই ক্ষমা খোজাৰ পাচতো বিষয়টো মানি লোৱা নাই আছুৱে । আছুৰ আহ্বানত দোলাকাষৰীয়াক গ্ৰেপ্তাৰৰ দাবীত মাজুলীৰ প্ৰতিখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীয়ে ক'লা বেজ পৰিধান কৰি পালন কৰে ক'লা দিন ।

প্ৰধান শিক্ষকক গ্ৰেপ্তাৰৰ দাবীত ছাত্ৰ সন্থাৰ ক'লা দিৱস

দেওবাৰে আউনীআটী সত্ৰৰ এখন সভাত প্ৰধান শিক্ষক প্ৰশান্ত দোলাকাষৰীয়াই ক্ষমা খোজাৰ পাচতো বিষয়টো মানি লোৱা নাই আছুৱে । আছুৰ আহ্বানত দোলাকাষৰীয়াক গ্ৰেপ্তাৰৰ দাবীত মাজুলীৰ প্ৰতিখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীয়ে ক'লা বেজ পৰিধান কৰি পালন কৰে ক'লা দিন ।

প্ৰধান শিক্ষকক গ্ৰেপ্তাৰৰ দাবীত ছাত্ৰ সন্থাৰ ক'লা দিৱস
মাজুলী বৈষ্ণৱ ছাত্ৰৰ চুলি কটা কাণ্ডঃ

আজিও উতপ্ত সত্ৰ ভূমি মাজুলীঃ

প্ৰশান্ত দোলাকাষৰীয়াক গ্ৰেপ্তাৰৰ দাবীত ছাত্ৰ সন্থাৰ ক'লা দিন পালনঃ

তদন্তকাৰী দলক ছাত্ৰ-ছাত্ৰী অভিভাৱকৰ ন্যায় বিচাৰি ঘেৰাও।।

VO.... মাজুলীৰ আউনিআটী হেমচন্দ্ৰ উচ্চ মাধ্যমিক বিদ্যালয়ত বৈষ্ণৱ ছাত্ৰক প্ৰধান শিক্ষকে চুলি কটা কাণ্ডৰ আজি তৃতীয় দিনাও অব্যাহত আছে উত্তেজনা। যোৱা কলি দেওবাৰে আউনিআটী সত্ৰত এখন সভাত প্ৰধান শিক্ষক প্ৰশান্ত দোলাকাষৰীয়াই ক্ষমা খোজাৰ পাছতো আছুৱে বিষয়টো মানি লোৱা নাই। দোলাকাষৰীয়াক গ্ৰেপ্তাৰ আৰু শাস্তিৰ দাবীত আজি মাজুলীৰ প্ৰতিখন বিদ্যালয়ত আছুৰ আহ্বানত সকলো ছাত্ৰ ছাত্ৰীয়ে ক'লা বেজ পৰিধান কৰি ক'লা দিন ৰূপে পালন কৰে।
   বাইট--- আছু।
     ইফালে বৈষ্ণৱ ছাত্ৰক চুলি কটা ঘটনাৰ বাবে দেওবাৰে সন্ধিয়া মাজুলীত আহি তদন্তৰ বাবে বাহৰ পটা যুতীয়া সহকাৰী সঞ্চালক দিলীপ কুমাৰ সন্ধিকৈ আৰু জিলা শিক্ষা বিষয়া শুভলক্ষ্মী ৰাজকুমাৰী আউনিআটী উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হোৱাত ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকে উক্ত ঘটনাৰ ন্যায় বিচাৰি এক উতপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। 
   
বাইট-- দিলীপ কুমাৰ সন্ধিকৈ (তদন্ত কৰি বিষয়)

ইফালে মাজুলীৰ অাউনীঅাটি সত্ৰৰ শিশু বৈষ্ণৱক কৰা এই নিৰ্যাতনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে।

বাইট : সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে।



মাজুলীৰ পৰা যদুমণি শইকীয়া ।
Last Updated : Apr 29, 2019, 9:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.