নাওবৈচা, ৪ছেপ্টেম্বৰঃ লখিমপুৰ জিলা নাওবৈচাৰ আৰক্ষী চকীৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লথৌত বৃহস্পতিবাৰে নিশা সংঘটিত এক পথ দুৰ্ঘটনাত নাওবৈচাৰ উদীয়মান শৰীৰচৰ্চাবিদ বিনয় কায়স্থৰ (২৭) থিতাতে মৃত্যু হয় । জানিব পৰা মতে কালি নিশা প্রায় ৯ মান বজাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নাওবৈচা মেডিকেলৰ সমীপৰ লথৌত দুৰ্ঘটনাটো সংঘটিত হয়। গুৱাহাটীৰ পৰা লখিমপুৰ নগৰৰ অভিমুখে আহি থকা এ.এছ-০২কে.চি-৮৮৫৫ এখন ট্ৰাকে বিপৰীত দিশৰ পৰা এ এছ-০৭এম-৪৬৭৫ ৰয়েল এনফিল্ড মটৰ চাইকেলেৰে আহি থকা বিনয় কায়স্থক খুন্দা মৰাত বিনয় থিতাতে নিহত হয়। উল্লেখযোগ্য যে বিনয় কায়স্থই নাওবৈচাৰ লগতে সমগ্ৰ লখিমপুৰ জিলাতে শৰীৰ চৰ্চাৰ জৰিয়তে বিশেষ খ্যাতি অৰ্জন কৰিছিল।
বিনয়ে ব্যক্তিগত ভাৱে নাওবৈচাত শৰীৰচৰ্চা কেন্দ্ৰ খুলি অঞ্চলটোৰ বিপথে পৰিচালিত হোৱা বহু যুৱকক শৰীৰ চৰ্চা জৰিয়তে মূল সুঁতিলৈ লৈ অহাত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছিল । লগতে মিষ্টাৰ ৰঙানদী খিতাপ অৰ্জনৰে জিলাখনত শৰীৰ চৰ্চাক অন্যান্য মাত্ৰ প্ৰদান কৰিছিল।আনহাতে বিজ্ঞানসন্মত ভাৱে গাহৰি পালনৰ জৰিয়তে অঞ্চলটোৰ নিবনুৱা সকলৰ বাবে আদৰ্শ স্বৰূপ হৈ পৰিছিল। উদীয়মান শাৰীৰ চৰ্চাবিদগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে আজি পুৱা বিনয়ৰ বাসগৃহ লোকৰণ্য হৈ পৰে।
ইফালে নাওবৈচা আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰি লখিমপুৰ সদৰ থানালৈ লৈ যায়।কালি বিনয়ৰ মৃতদেহ নাওবৈচা আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও আজিহে মৰণোত্তৰ পৰীক্ষা কৰি নিজা বাসগৃহ নাহৰবাৰীত শেষকৃত্য সম্পূৰ্ণ কৰে।শেষকৃত্য কৰাৰ আগতে নিজা বাসগৃহত অঞ্চলটোৰ সকলোৱে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।
লগতে চাওক : জম্মু-কাশ্মীৰৰ অৰ্ধ সামৰিক বাহিনীত কৰ্মৰত অসমীয়া বিষয়াৰ আত্মহত্যা