ETV Bharat / briefs

লক্ষ্ণৌত বিধ্বংসী জুইত জাহ গ'ল একেটা পৰিয়ালৰ ৫জনৰ - নিহত ৫ জন

লক্ষ্ণৌৰ মায়াৱতী কলনীৰ ইন্দিয়া নগৰত সংঘটিত হোৱা অগ্নিকাণ্ডত নিহত হয় একেটা পৰিয়ালৰ ৫ জনকৈ লোক, শ্বট চাৰ্কিটৰ ফলতেই সংঘটিত হয় অগ্নিকাণ্ড

লক্ষ্ণৌত অগ্নিকাণ্ড
author img

By

Published : May 1, 2019, 6:46 PM IST

লক্ষ্ণৌ,১ মেঃবুধবাৰে লক্ষ্ণৌৰ মায়াৱতী কলনীৰ ইন্দিয়া নগৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । এই অগ্নিকাণ্ডত নিহত হয় একেটা পৰিয়ালৰ ৫ জনকৈ লোক । নিশা ইন্দিয়া নগৰৰ এজন লোকৰ ঘৰত শ্বট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে শ্বট চাৰ্কিটৰ ফলত ঘৰটোত নিমিষতে জুইৰ লেলিহান শিখাই আগুৰি ধৰে। নিশা এই ঘটনা সংঘটিত হোৱাৰ ফলত ঘৰত থকা সকলো লোক আবদ্ধ হৈ পৰে। স্থানীয় লোকে এই ঘটনা প্ৰত্যক্ষ কৰি অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে যদিও ঘৰটোত থকা আটাইকেইজন লোকৰে অগ্নিকাণ্ডত মৃত্যু হয় ৷

 lacknow ৫ killed after fire breaks out at their house
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.